গোলাঘাটত পতঞ্জলী প্ৰতিষ্ঠান বন্ধৰ হুংকাৰ 

ss

বাবা ৰামদেৱৰ পতঞ্জলী কেন্দ্ৰৰ যোগ নিৰীক্ষক সীতানাথ বৰালৰ বিতৰ্কিত মন্তব্যক লৈ উত্তাল হৈ পৰিছে গোলাঘাট চহৰ । আজি গোলাঘাটৰ বাটা পইন্টত অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ সৃষ্টিৰাজিক লৈ কৰা অপমান সূচক মন্তব্যৰ বিৰুদ্ধে অসম জাতিয়তাবাদী যুৱ পৰিষদ গোলাঘাট জিলা সমিতিয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি বিভিন্ন শ্ল'গানেৰে পৰিবেশ উত্তাল কৰি তোলাৰ লগতে যোগ নিৰীক্ষকজনৰ পুত্তলিকা দাহ কৰে।

সংগঠনটোৰ নেতা নিপন গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, জিলাখনত কোনো কাৰণতে পতঞ্জলী কেন্দ্ৰৰ সামগ্ৰী বিক্ৰী কৰিবলৈ দিয়া নহ'ব, যেতিয়ালৈকে পতঞ্জলী কেন্দ্ৰৰ মুৰব্বী ৰামদেৱে গুৰুজনাক কৰা অপমানসূচক মন্তব্যৰ বাবে বৃহৎ  অসমীয়া জাতিক ক্ষমা প্ৰাৰ্থনা নোখোজে তেতিয়ালৈকে উক্ত কেন্দ্ৰৰ সামগ্ৰী বিক্ৰী বন্ধ কৰা হ'ব। যদি কিবা কাৰণত পতঞ্জলী প্ৰতিষ্ঠানৰ সামগ্ৰী বিক্ৰী বা প্ৰতিষ্ঠান খোলা দেখা পোৱা যায়, তৎমূহুৰ্ততে সংগঠনটোৱে তেনে প্ৰতিষ্ঠানসমূহ বন্ধ কৰি দিয়াৰ লগতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ব ।

আগন্তুক সময়ত যাতে তেনে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহ'য় তাৰবাবে প্ৰশাসনক সকীয়াই দিয়াৰ লগতে কিবা কাৰণত তেনে পৰিস্থিতিৰ উদ্ভৱ হলে জিলা প্ৰশাসন জগৰীয়া হ'ব বুলি হুংকাৰ দিয়ে ।

Your Comments