লংকাত বিদু্ৎ বিভাগৰ বিৰুদ্ধে ক্ষোভ

ss

লংকাত এক অকৰ্মণ্য বিভাগলৈ পৰিণত হৈছে বিদ্যুৎ বিভাগ ৷ বিদ্যুৎ বিভাগৰ অকৰ্মণ্যতাৰ এনে এক  জলন্ত উদাহৰণ স্বৰূপ হ’ল  নখুটিৰ  চাৰ্থে গাওঁৰ এচ টি লাইনটো ৷ বিগত  তিনি দিন ধৰি এচ টি লাইন খুঁটাৰ পৰা ছিঙি পৰি থকাৰ পিছতো কাণসাৰ নাই লংকাৰ বিদ্যুৎ বিভাগৰ ৷ স্হানীয় ৰাইজে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষকক অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্হা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে বিভাগটোৰ বিৰুদ্ধে ৷ ইফালে নখুটীৰ চাৰ্থে গাঁৱৰ  একমাত্ৰ ট্ৰেন্সফৰ্মাৰটো কোনো বেৰা নিদিয়াকৈ সম্পূৰ্ণ উন্মুক্তভাৱে বাটৰ কাষতেই মাটিৰ পৰা মাত্ৰ ২/৩মিটাৰ উপৰতেই স্হাপন কৰিছে ৷

aa

তাৰোপৰি ট্ৰেন্সফৰ্মাটোত সকলো বিদ্যুতৰ তাঁৰ কোনো কোভাৰ নোহোৱাকৈয়ে সংযোগ কৰিছে ৷ ফলত যি কোনো সময়তেই ডাঙৰ বিপদৰ আশংকাই শংকিত কৰি ৰাখিছে অঞ্চলটোৰ সাধাৰণ গঁঞা ৰাইজক ৷ আনহাতে আকৌ চাৰ্থে গাঁৱৰ মাজমজিয়াত এচ টি লাইনৰ সংযোগ খুঁটাৰ পৰা বিচিন্ন হৈ তিনি দিন ধৰি ছিঙি এটা অংশ পৰি  আছে ধাননীত আৰু আনটো অংশ পৰি আছে পুখুৰীত | কিন্তু অভিযোগ দিয়াৰ তিনি দিন উকলী যোৱাৰ পিছতো  কানসাৰ নথকা লংকাৰ এই বিয়াগোম বিভাগটোৰ ওপৰত এনেদৰে ক্ষোভ উজাৰিছে স্হানীয় ৰাইজে |

Your Comments