বঙাইগাঁও জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভা 

dd

বঙাইগাঁৱৰ পৰা প্ৰণৱ কুমাৰ ডেকা 

ভাৰতীয় জনতা পাৰ্টিৰ বঙাইগাঁও জিলা সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা আজি বৰপাৰাস্থিত জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় ৷ জিলা সমিতিৰ সভাপতি সুকেন ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত বঙাইগাঁও জিলা বিজেপিৰ দলীয় প্ৰভাৰী তথা গোলকগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ উপস্থিত থাকি কয় যে ৰাজ্যিক সমিতিৰ নিৰ্দেশনা অনুযায়ী আগন্তুক ২০১৯ৰ লোক সভা নিৰ্বাচনৰ প্ৰস্তুতি হিচাপে অহা ১ অক্টোৱৰৰ পৰা প্ৰতিটো বুথৰ কাৰ্যকৰ্তাৰ সৈতে বুথ সম্পৰ্ক অভিযান আৰম্ভ কৰা হ'ব ৷

ৌৌ

সেয়ে তেওঁ এই বুথ সম্পৰ্ক অভিযানৰ বাবে প্ৰতিটো মণ্ডলৰ কাৰ্যকৰ্তাসকলক সাজু হ'বলৈ অনুৰোধ জনায় ৷ তেঁও লগতে বুথৰ অন্তৰ্গত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলৰ মাজতো সম্পৰ্ক স্থাপন কৰিবলৈও কাৰ্যকৰ্তাসকলক অনুৰোধ জনায় ৷ সভাত ৬ নং বৰপেটা লোক সভা সমষ্টিৰ পৰা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হিচাপে নিৰ্বাচিত হোৱা বঙাইগাঁও জিলা বিজেপিৰ প্ৰাক্তন সভাপতি হেমগিৰী কোঁচক সম্বৰ্দ্ধনা জনোৱা হয় ৷

সভাত ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অনিল দাসৰ লগতে জিলা সমিতিৰ সাধাৰণ সম্পাদক উজ্বল কান্তি ৰায়, জিলা সমিতিৰ বিষয়ববীয়া, জিলা মৰ্চাৰ সভাপতি, মণ্ডল সভাপতি তথা জিলা কাৰ্যনিৰ্বাহক সদস্য, ৰাজ্যিক পৰিষদীয় সদস্য, তিনিটা বিধান সভা সমষ্টিৰ পূৰ্ণকালীন কাৰ্যকৰ্তাসকল উপস্থিত থাকে ৷ ইপিনে কাইলৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ বাবে ৰাজ্যিক সমিতিৰ নিৰ্দেশনা মৰ্মে সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকাই জিলাখনৰ তিনিটা বিধান সভা সমষ্টিৰ দলীয় কাৰ্যকৰ্তাৰ সৈতে মিলিত হ'ব বুলি সভাত উল্লেখ কৰে ৷

Your Comments