ধলপুৰ আঠাবাৰীৰ শ্ৰী শ্ৰী গোপাল মহাপুৰুষৰ উদ্যোগত পাঞ্চজন্য ক্ৰীড়া সন্থাৰ সৌজন্যত কচুৱা বহুমুখী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ হোৱা ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ হয় বিভিন্ন সাস্কৃতিক অনুষ্ঠান প্ৰদৰ্শনৰ মাজেৰে ৷ দিনৰ ১০ বজাৰ পৰা এখনি সভা অনুষ্ঠিত হয় ৷ পুৱা ১১ বজাত বন্তি প্ৰজলন কৰাৰ পাছতে বিভিন্ন ধৰণৰ কলা-সংস্কৃতিৰ প্ৰদৰ্শন আৰম্ভ কৰে শ্ৰীশ্ৰী গোপাল প্ৰভুৰ শংখ ধ্বনিৰে ৷
তাৰ পিছতে স্থানীয় মহিলা শিল্পীসকলে বৰগীত প্ৰদৰ্শন কৰাৰ লগতে পুৰণি কচুৱা, ভেলাইমৰা, হৰিদাস আৰু আঠাবাৰীৰ গায়ন বৈষ্ণৱবৃন্দই গায়ন-বায়ন প্ৰদৰ্শন কৰে ৷ দকুৱা গাঁৱৰ মহিলা সমিতিয়ে দিহানাম পৰিৱেশন কৰে, স্থানীয় কণ কণ শিশুসকলে কৃষ্ণ নৃত্য প্ৰদৰ্শন কৰে, নাৰায়ণপুৰৰ মণিকাঞ্চন কলা নিকেতনৰ চাৰিগৰাকী ছাত্ৰীয়ে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰে, শংকৰদেৱ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল, কিনা পথাৰ দেউৰী সাংস্কৃতিক দল আৰু চাৰিঘৰীয়া মিচিং বিহু দল কেইটাই বিহু নৃত্য প্ৰদৰ্শন কৰে ৷
খেলত প্ৰতিযোগি দুয়ো দলক খেলপথাৰৈ আদৰণি জনাই বৰমণি বৰুৱা, জয়শ্ৰী দেবীয়ে ৷ ভাৰতী বৰা আৰু কচুৱা বহুমুখী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু খেলুৱৈসকলে সামূহিকভাবে জাতীয় সংগীত পৰিবেশনৰ অন্তত খেল আৰম্ভ কৰে ৷
- Log in to post comments
- 16 views