বিলাসীপাৰাত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিকৃতি দাহ

dd

সমগ্ৰ অসমৰ লগতে  ধুবুৰী জিলাৰ বিলাসীপাৰা জিলা আমছুৰ উদ্যোগত আজি দিনৰ ১১ বজাত বিলাসীপাৰা গান্ধী চকত পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী প্ৰতিকৃতি দাহ কৰে । জানিব পৰা মতে  শেহতীয়াকৈ গুৱাহাটী ব্ৰহ্মপুত্ৰ নদীত নাওঁ দুৰ্ঘটনাত কেইবা গৰাকী যাত্রী মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি ভূটভূটি নাওঁ ব্ৰহ্মপুত্ৰ নদীত  চলাচল বন্ধ কৰি দিয়াৰ বাবে আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি বিলাসীপাৰা জিলা আমছুৰ সভাপতি ফজৰ আলী মণ্ডলৰ নেতৃত্বত শতাধিক আমছুৰ কৰ্মীয়ে বিলাসীপাৰা গান্ধী চ'কত জল পৰিবহন মন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰি চৰকাৰ বিৰোধী শ্ল'গানেৰে আকাশ পাতাল উত্তাল কৰি তোলে ।

বিলাসীপাৰা জিলা আমছুৰ সভাপতিগৰাকীয়ে সাংবাদিকৰ আগত কয় যে একাংশ মানুহৰ নাৱবে ভৰসা আৰু স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰী নাৱেৰে যাত্ৰা কৰিবলগীয়া হয় । এনে অৱস্থাত হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰি মন্ত্ৰী এগৰাকীয়ে ভূটভূটি নাওঁ ব্ৰহ্মপুত্ৰ নদীত চলাচল বন্ধ কৰি দিয়া কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অনতিপলমে উক্ত ভূটভূটি নাওঁ চলাচল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে । অন্যথা ইয়াত কৈ গণতান্ত্ৰিক ভাৱে ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি বিলাসীপাৰা জিলা আমছুৰ সভাপতি গৰাকীয়ে চৰকাৰক সকিয়াই দিয়ে ।
 

Your Comments