গোলাঘাটত উচ্ছেদ অভিযান অব্যাহত

গোলাঘাটত উচ্ছেদ অভিযান অব্যাহত

গোলাঘাটৰ পৰা মীনাক্ষী ফুকন

কৃষি, নগৰ উন্নয়ন মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত যোৱা ২৭ তাৰিখৰ পৰা আৰম্ভ হোৱা গোলাঘাট নগৰৰ অবৈধ ব্যৱসায়িক প্ৰতিষ্ঠানৰ উচ্ছেদ অভিযানে আজি তৃতীয় দিনত ভৰি দিলে ।

ক্ৰমে নগৰখনৰ টোকানি চাৰ্কল, বাটা পইণ্টত অৱস্থিত অবৈধ দোকান, হোটেল আদি উচ্ছেদ কৰাৰ পিছতে আজি বেঙেনাখোৱা অঞ্চলত চলিছে উচ্ছেদ অভিযান । উচ্ছেদৰ সময়ছোৱাত ক্ষুদ্ৰ ব্যৱসায়ীসকলে ক্ষোভ উজাৰি কোনো জাননী অবিহনে গোলাঘাট জিলা প্ৰশাসন আৰু পৌৰসভা কতৃপক্ষই উচ্ছেদ কৰা বুলি অভিযোগ আনে ৷

অৱশ্যে অবৈধভাৱে গঢ়ি উঠা এনে ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদৰ বাবে জাননী জাৰি কৰাৰ কোনো নিয়ম নাই বুলি উল্লেখ কৰি জিলা প্ৰশাসন তথা পৌৰসভা কৰ্তৃপক্ষই উক্ত অভিযোগৰ ভিত্তি মূল্যহীন বুলি স্পষ্ট কৰে ।

Your Comments