বঙাইগাঁৱত' পোষণ মাহ' কাৰ্যসূচীৰ সামৰণী অনুষ্ঠান

বঙাইগাঁৱত' পোষণ মাহ' কাৰ্যসূচীৰ সামৰণী অনুষ্ঠান

বঙাইগাঁৱৰ পৰা প্ৰণ ৱকুমাৰ ডেকা

দেশত মহিলা আৰু শিশুৰ পৰিপুষ্টি সুনিশ্চিত কৰাৰ অৰ্থে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পহিলা ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰা 'পোষণ অভিযান' ( পুষ্টি অভিযান)ৰ অধীনত সমগ্ৰ দেশৰ লগতে বঙাইগাঁও জিলাতো পোষণ মাহ ( পুষ্টি মাহ) পালন কৰা হয় ৷

বঙাইগাঁও জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসন তথা কৃষি ,স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী আৰু খাদ্য আৰু যোগান বিভাগৰ সহযোগত পালন কৰা 'পোষণ মাহ'ৰ কাৰ্যসূচীৰ সামৰণী অনুষ্ঠান আজি বীৰঝৰা পাব্লিক লাইব্ৰেৰীত অনুষ্ঠিত হয়  ৷

এই উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে জিলা উপায়ুক্ত বাবুলাল শৰ্মাই ৷ সভাত জিলা সমাজ কল্যাণ বিষয়া হেমী বৰাই উদ্দেশ্য ব্যাখ্যাত কয় যে  বিভিন্ন চৰকাৰী বিভাগে শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা, অপৈণত বিকাশ, পুষ্টিহীনতা, ৰক্তহীনতা আৰু জন্মৰ সময়ত কম ওজন আদি সমস্যাসমূহ দূৰ কৰাৰ বাবে কাম কৰি আছে যদিও ঈন্সিত লক্ষ্যসমূহত  উপনীত হ'ব পৰা নাই ৷

বঙাইগাঁৱত' পোষণ মাহ' কাৰ্যসূচীৰ সামৰণী অনুষ্ঠান

যাৰ বাবে এতিয়া সমাজ কল্যাণ, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী বিভাগ, কৃষি বিভাগ আদিকে ধৰি স্থাস্থ্য আৰু পৰিপুষ্টিৰ লগত জৰিত সকলো বিভাগে একত্ৰিত হৈ কাম কৰি এই সমস্যাসমূহ সমাধান কৰিব পাৰে সেই হৈছে এই পুষ্টি অভিযানৰ লক্ষ্য আৰু উদ্দেশ্য ৷

এই অভিযান ২০২২ চনলৈ চলি থাকিব আৰু ইয়াৰ জৰিয়তে আমি কিছু পৰিমাণে হলেও লক্ষ্য আৰু উদ্দেশ্যত সফল হ'ব পাৰিম বুলি আশা ব্যক্ত কৰে ৷ সভাত বঙাইগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা মাধৱ দত্তই  বিশুদ্ধ পানী সেৱন আৰু অনাময় শৌচাগাৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য ৰাখে ৷ তেঁও পৰিস্কাৰ - পৰিছন্নতা বৰ্তাই ৰখাৰ লগতে এইবোৰ দিশৰ প্ৰতি লোকসকল সজাগ হলে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰি বুলিও উল্লেখ কৰে ৷

আনহাতে বঙাইগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ৰত্ন বসুমতাৰীয়ে মহিলা আৰু শিশুৰ ৰক্তহীনতা কেনেকৈ স্বাস্থ্য বিভাগৰ দ্বাৰা নিৰাময় কৰাৰ ব্যৱস্থা আছে ,সেই বিষয়ে উল্লেখ কৰে ৷

সেইদৰে কৃষিজাত সামগ্ৰীৰ পৰা সৰ্বসাধাৰণ লোকে দেহৰ বাবে প্ৰয়োজনীয় ভিটামিন ,খনিজ পদাৰ্থ আদিৰ দ্বাৰা  পুষ্টি আহৰণ কৰি অপুষ্টিৰ পৰা আঁতৰত থাকিব পাৰে সেই বিষয়ে জিলা কৃষি বিষয়া লক্ষ্যেশ্বৰ ৰায়ে বক্তব্য ৰাখে ৷

ইপিনে সভাপতিৰ ভাষণত জিলা উপায়ুক্ত বাবুলাল শৰ্মাই কয় যে ভাৰতবৰ্ষ এখন কল্যাণকামী ৰাষ্ট্ৰ ৷ আমি যিদিনাখন সংবিধান গ্ৰহণ কৰিছিলো সেইদিনাই নিৰ্দেশ আছিল যে স্বাস্থ্য আৰু শিক্ষা সাৰ্বজনীন হ'ব লাগে ৷প্ৰতিজন ব্যক্তি আৰু শিশুৰ স্বাস্থ্যৰ প্ৰতি অধিকাৰ আছে ৷

বঙাইগাঁৱত' পোষণ মাহ' কাৰ্যসূচীৰ সামৰণী অনুষ্ঠান

কিন্তু অৰ্থৰ অভাৱত চৰকাৰে ইয়াক যিদৰে সম্পাদনা কৰিব লাগিছিল বা যি ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব লাগিছিল সেয়া হাতত ল'ব পৰা নাছিল ৷ কিন্তু বতৰ্মান চৰকাৰে এই দিশত অধিক গুৰুত্ব প্ৰদান কৰা বুলি কৈ এই অভিযান সফল কৰাৰ বাবে সংশ্লিষ্ট সকলো পক্ষই গুৰুত্বসহকাৰে কাম কৰিব বুলি আশা প্ৰকাশ কৰে ৷

সভাত জিলাৰ অতিৰিক্ত উপায়ুক্ত( স্বাস্থ্য) ধ্ৰুৱজ্যোতি দাস , জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীক্ষক আদি উপস্থিত থাকে ৷ উল্লেখ্য যে সমাজ কল্যাণ বিভাগৰ উদ্যোগত তথা সংশ্লিষ্ট বিভাগৰ সহযোগত পালন কৰা পোষণ মাহৰ কাৰ্যসূচীৰ উদ্দেশ্য হ'ল সৰ্বসাধাৰণ ৰাইজ যাতে পুষ্টিহীনতাত  ভুগিব নালাগে তাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা

 সভাৰ শেষত এই বিষয়ক এখন বাটৰ নাটো পৰিৱেশন কৰা হয় ৷ সভাৰ পূৰ্বে সমাজ কল্যাণ বিভাগৰ বিষয়া, শিশু উন্নয়ন প্ৰকল্প বিষয়া, চুপাৰভাইজাৰ, অংগনাবদী কৰ্মী, আশাকৰ্মী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ স্বচ্ছাগ্ৰহী, এ এন এম আৰু গ্ৰামীন জীৱিকা অভিযানৰ জীৱিকা সখীসকলৰ অংশগ্ৰহণেৰে বঙাইগাঁও গান্ধী ময়দানৰ পৰা বীৰঝৰা পাব্লিক লাইব্ৰেৰীলৈ পোষণ মাহ উপলক্ষে এক সজাগতা সমদলো উলিওৱা হয়

এই  সজাগতা সমদল উদ্ধোধন কৰে জিলা উপায়ুক্ত বাবুলাল শৰ্মাই ৷ তেঁও সমদলতো অংশগ্ৰহণ কৰে ৷ ইপিনে সভাস্থলীত স্বাস্থ্য বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ দ্বাৰা প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হয় ৷

Your Comments