চাপৰৰ পৰা ইমৰান আলম খান
পশ্চিম অসমৰ বাণিজ্যিক প্রাণকেন্দ্র বঙাইগাঁও চহৰৰ মাজমজিয়াত অৱস্থিত ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানটোৰ চাৰিওফালে পানী জমা হোৱাৰ ফলত ব্যাহত হৈ পৰিছে প্রতিষ্ঠানটোত অধ্যায়নৰত প্রায় ৪ শতাধিক ছাত্র-ছাত্রীৰ শিক্ষাৰ যাতায়াত ব্যৱস্থা ।
যোৱা ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এছ চি ভি ,টি আৰু এন চি ভি টি পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্র-ছাত্রীসকলে বহু কষ্ট কৰি পৰীক্ষা গৃহত উপস্থিত হয় ৷ এনেকি প্রতিষ্ঠানটোৰ শিক্ষক-শিক্ষয়ীত্রী আৰু কৰ্মচাৰীসকলেও জোতা-চেণ্ডেল হাতত লৈ এক আঁঠু পানীৰ মাজেৰে খোজকাঢ়ি আহি প্রৱেশ কৰে প্রতিষ্ঠানটোৰ মূল দুৱাৰত ।
কোনোবাই আকৌ আঁঠুলৈকে প্লাষ্টিক বান্ধিও পাৰ হয় । পানীৰ তলত থকা ইটাৰ টুকুৰা আৰু গাঁতেৰে পৰিপূৰ্ণ বাটটোত অহা-যোৱা কৰিব লাগে খুব সাৱধানে । বিশেষকৈ ছাত্র-ছাত্রীসকলৰ অহা-যোৱাৰ অসুবিধায়ো গা লৰাব পৰা নাই কৰ্ত্তৃপক্ষৰ ।
সকলোৱে যেন সমস্যা সমাধান নহ'ব বুলিয়েই ভাবে । ইফালে এনে পৰিস্থিতি হোৱাৰ মূল কাৰণ জানিবলৈ আমাৰ সাংবাদিকে লগ ধৰিছিল আই টি আইৰ অধ্যক্ষ আৰু কৰ্মচাৰীসকলক ৷
তেওঁলোকে জানিবলৈ দিয়া মতে, প্রতিষ্ঠানৰ দক্ষিণফালে থকা বঙাইগাঁও মহাবিদ্যালয়লৈ যোৱা পকী বাটটোত হেনো পূৰ্বতে এটা কালভাৰ্ট আছিল ৷ সেই কালভাৰ্টটো বন্ধ হৈ যোৱাত আই টি আই আৰু জিলা পুথিভঁৰালটো পানীত জাহাজৰ নিচিনাকৈ ওপঙি আছে ।
বিষয়টো যোৱা ২৭ ছেপ্টেম্বৰৰ দিনা অধ্যক্ষই জিলাধিপতিক জনোৱা বুলিও আমাক অৱগত কৰে । এনেহেন পৰিস্থিতিৰ মাজত বিদ্যুৎ সৰবৰাহৰ ক্ষেত্রত দেখা দিয়া জটিলতাই বাৰুকৈয়ে ভোগাইছে চলিত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলক ।
বিদ্যুৎ বিভাগৰ অৱহেলাৰ বাবে যোৱা ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগা পুৱাৰ পৰীক্ষা সময়মতে পাতিবই নোৱাৰিলে আই টি আই কৰ্ত্তৃপক্ষই ।
- Log in to post comments
- 14 views