সদৌ অসম মণ্ডল কাননগু সন্মিলনীৰ ১৮টা দাবীৰ প্ৰতিবাদত ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত তিনিদিনীয়া অসহযোগ আন্দোলন কাৰ্যসূচী পালন কৰে ।
মণ্ডল কাননগু সন্মিলনীয়ে অসমত ভূমি পুনৰ বন্দৱস্তি প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ কৰা, সদৌ অসম মণ্ডল কাননগু সন্মিলনীৰ অন্যান্য দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ কৰা, মণ্ডল কাননগুসকলক আন্তঃজিলা বদলিকৰণৰ প্ৰস্তাৱ পুনৰ বিবেচনা কৰাৰ দাবীত অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰে ।
চৰকাৰে যদি দাবীসমূহ শীঘ্ৰে পূৰণ নকৰে তেনেহ'লে ইয়াতকৈ অধিক জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি কয় মণ্ডল কাননগু সংস্থাই ।
- Log in to post comments
- 26 views