টংলা মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ মৃচাংকা বসুমতাৰীয়ে কিছুদিন পূৰ্বে সহপাঠীৰ আক্ৰমণত মৃত্যুক আঁকোৱালি ল'বলগীয়া হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল । দুৰ্বৃত্তই নদীৰ দাঁতিত থকা বননিৰ মাজত বাঁহ আৰু গছৰ ডালেৰে কোবাই কোবাই মূমুৰ্ষু অৱস্থাত পেলাই থৈ আহিছিল ।
পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰাত নদীৰ দাঁতিৰ পৰা উদ্ধাৰ কৰি হাস্পতাললৈ অনাত চিকিৎসকে মৃত ঘোষণা কৰে ৷ তাৰ পিছত টংলা আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধানত তীব্ৰ অভিযান চলায় ৷
অৱশেষত সোমবাৰে বিপ্লৱ ঘোষ আৰু সঞ্জয় ঘোষ (২১), প্ৰদীপ বৰ্মন (১৮), দিলীপ দাস (২২), সঞ্জয় দাস (১৯) আৰু বলোৰাম সৰকাৰ (২২) নামৰ যুৱককেইজনক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ।
ইয়াৰে প্ৰদীপ বৰ্মনক ধৰ্মেনগৰ ৰে'ল ষ্টেচনৰ পৰা আটক কৰাৰ বিপৰীতে তিনিজনক ৰঙিয়াৰ পৰা আটক কৰে । আনহাতে, অভিযুক্ত বিপ্লৱ ঘোষক ওদালগুৰিৰ পৰা আটক কৰা বুলি টংলা আৰক্ষীৰ আৰক্ষী বিষয়া মাণিক বৰমুদৈয়ে সাংবাদিকক জানিবলৈ দিয়ে ।
ইতিমধ্যে টংলা আৰক্ষী থানাত ১৪৬/১৮ আই পি চি ৩০২/৩৪ নম্বৰত গোচৰ ৰুজু কৰি অভিযুক্ত ৫গৰাকীকে সোমবাৰে আদালতত হাজিৰ কৰি আৰক্ষীৰ জিম্মালৈ আনিছে ।
- Log in to post comments
- 60 views