সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ আহ্বানত ৰঙিয়া গান্ধী মণ্ডপৰ সন্মুখত আজি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
কলিতা জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধান নকৰাৰ ফলত অসম চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷
কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ভাস্কৰ কলিতাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, 'অসম চৰকাৰে কলিতা জনগোষ্ঠীক বাৰে বাৰে বঞ্চনা কৰি আহিছে ।
আমি বাৰে বাৰে চৰকাৰক কলিতা জনগোষ্ঠীৰ জনজাতিকৰণ, কলিতা উন্নয়ন পৰিষদ গঠন আৰু নিবনুৱাক কৰ্মসংস্থাপনৰ দাবী জনাই আহিছোঁ ৷ কিন্তু বাৰে বাৰে কৈ অহাৰ পিছতো চৰকাৰে আমাৰ সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ।
অনাগত দিনত যদি এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান নকৰে তেনেহ'লে ইয়াতকৈ অধিক জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম ৷'
কাৰ্যসূচীত অংশগ্ৰহণ কৰি কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতি ভৱেন চন্দ্ৰ কলিতাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে চৰকাৰে অসমত বাস কৰা ৭০ লাখ কলিতা জনগোষ্ঠীয় লোকক বঞ্চনা কৰি আহিছে ।
জনজাতিকৰণৰ বাবে এখন উন্নয়ন সমিতি গঠন কৰিব লাগে ৷ কিন্তু বৰ্তমান চৰকাৰখনে সমিতিখন গঠন কৰাত গুৰুত্ব নিদিয়াত জনগোষ্ঠটো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ।
চৰকাৰে যদি আমাক বাৰে বাৰে বঞ্চনা কৰি থাকে তেতিয়াহ'লে ইয়াতকৈ অধিক জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম বুলিও সভাপতিগৰাকীয়ে চৰকাৰক সকীয়াই দিয়ে ।
প্ৰতিবাদকাৰীসকলে কলিতা জনগোষ্ঠী জিন্দাবাদ, কলিতা জনগোষ্ঠীক জনজাতিকৰণ কৰক, আমাৰ দাবী ন্যায্য দাবী আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে ।
- Log in to post comments
- 46 views