প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰতৰ সপোন আৰু অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰদূষণমুক্ত অসমৰ সপোন যেন প্ৰহসনত পৰিণত হৈছে ৰঙিয়াত ।
ৰঙিয়া চহৰৰ বিভিন্ন ঠাইত থকা ডাষ্টবিনসমূহত থকা জাবৰ-জোঁথৰসমূহ পৰিষ্কাৰ নকৰাৰ ফলত দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে ।
ডাষ্টবিনত থকা জাবৰ-জোঁথৰৰ পৰা মহৰ সৃষ্টি হোৱাৰ লগতে জাৰৰ পৰা অহা দুৰ্গন্ধত ওচৰৰ মানুহৰ যথেষ্ট সমস্যাৰ সৃষ্টি হোৱাৰ লগতে বিভিন্ন ৰোগ সংক্ৰমণৰ আশংকায়ো দেখা দিছে ৷
উল্লেখ্য যে ৰঙিয়া পৌৰসভাত পৌৰপতিৰ চকীখনক লৈ বিভিন্ন সময়ত খোৱা-কামোৰা লাগি থাকে, কিন্তু পৌৰসভাৰ বিষয়ববীয়াৰ সময় নহয় ডাষ্টবিনত থকা জাবৰবোৰ চাফা কৰাত গুৰুত্ব দিয়াত ।
ৰঙিয়া চহৰৰ কেইটামান ডাষ্টবিন চাফ-চিকুণ কৰিয়েই দায়িত্ব সামৰে পৌৰসভাই । ৰঙিয়াৰ সমাজ সচেতন ব্যক্তিসকলে এই সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে
নৰেন্দ্ৰ মোডীৰ স্বচ্ছ ভাৰতৰ সপোন যেন সপোন হৈয়ে থাকিব ।
বিভিন্ন সময়ত বিয়াগোম বিষয়াসকলে সভাই-সমিতিয়ে কৈ আহিছে যে অসমখন প্ৰদূষণমুক্ত, প্লাষ্টিকমুক্ত কৰিব লাগে । কিন্তু মাহৰ পিছত মাহ পৌৰসভাৰ সময় নহয় জাবৰভৰ্তি ডাষ্টবিনবোৰ পৰিষ্কাৰ কৰিবলৈ ।
ৰঙিয়া পৌৰসভাক স্বচ্ছতাৰ ক্ষেত্ৰত গুৰুত্ব দি জাবৰভৰ্তি ডাষ্টবিনসমূহ নিয়মিত পৰিষ্কাৰৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ৰাইজে ।
- Log in to post comments
- 51 views