ৰঙিয়াৰ দহৰা গাঁৱক ৰাজ্য চৰকাৰৰ স্বচ্ছ-প্ৰদূষণমুক্ত গাঁও ঘোষণা

ৰঙিয়াৰ দহৰা গাঁৱক ৰাজ্য চৰকাৰৰ স্বচ্ছ-প্ৰদূষণমুক্ত গাঁও ঘোষণা

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ স্বচ্ছ, প্ৰদূষণমুক্ত আৰু প্লাষ্টিকমুক্ত সেউজীয়া ভাৰত গঢ়াৰ প্ৰচেষ্টাক আদৰণি জনাই ৰঙিয়া মহকুমাৰ দহৰা গাঁৱক অসম চৰকাৰে সেউজীয়া, স্বচ্ছ, প্ৰদূষণমুক্ত গাঁও হিচাপে ঘোষণা কৰে ।

অসম চৰকাৰৰ জলসিঞ্চন, ৰাজহ(স্বতন্ত্ৰ) মন্ত্ৰী ভৱেশ কলিতাই ফিটা কাটি দহৰা গাঁওখনক প্ৰদূষণমুক্ত গাঁও হিচাপে ঘোষণা কৰে । পৰিৱেশ স্বচ্ছ আৰু প্ৰদূষণমুক্ত কৰাৰ ক্ষেত্ৰত নটৰাজ নাট্যগোষ্ঠীয়ে বাটৰ নাট প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে ।

ৰঙিয়াৰ দহৰা গাঁৱক ৰাজ্য চৰকাৰৰ স্বচ্ছ-প্ৰদূষণমুক্ত গাঁও ঘোষণা

ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক দিনমণি ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মন্ত্ৰী ভৱেশ কলিতাই প্ৰদূষণৰ ভয়াৱহতা সম্পৰ্কত বক্তব্য ৰখাৰ উপৰি প্লাষ্টিকে কেনেদৰে খেতিৰ মাটিৰ লগতে জনসাধাৰণক ক্ষতি কৰিছে সেই সম্পৰ্কত ব্যাখ্যা আগবঢ়ায় ।

প্ৰতিজন মানুহক প্লাষ্টিকমুক্ত আৰু প্ৰদূষণমুক্ত সমাজ এখন গঢ়াৰ বাবে মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় । অনুষ্ঠানটোত কামৰূপ জিলাৰ উপাযুক্ত কমল কুমাৰ বৈশ্যইও প্লাষ্টিকৰ ভয়াৱহতাৰ ক্ষেত্ৰত বক্তব্য আগবঢ়ায় ।

ৰঙিয়াৰ দহৰা গাঁৱক ৰাজ্য চৰকাৰৰ স্বচ্ছ-প্ৰদূষণমুক্ত গাঁও ঘোষণা

আনহাতে, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈয়ে প্লাষ্টিকৰ ফলত বিভিন্ন ৰোগ হোৱাৰ লগতে প্লাষ্টিকে মাটিৰ যথেষ্ট ক্ষতি কৰিছে বুলি উল্লেখ কৰে । প্লাষ্টিকৰ ফলত খেতিমাটিত যথেষ্ট প্ৰভাৱ পৰাৰ লগতে প্লাষ্টিকে প্ৰদূষণে পৰিৱেশ দূষিত কৰা বুলিও তেওঁ মন্তব্য কৰে ।

ৰঙিয়াৰ দহৰা গাঁৱক ৰাজ্য চৰকাৰৰ স্বচ্ছ-প্ৰদূষণমুক্ত গাঁও ঘোষণা

সভাত 'ব্ৰেণ্ড এম্বেছাডৰ' আনন্দ খাটনিয়াৰে কয়, 'প্লাষ্টিকমুক্ত, প্ৰদূষণমুক্ত সমাজ এখন থাকিলেহে আমি প্ৰদূষণৰ পৰা হোৱা বিভিন্ন ৰোগৰ পৰা মুক্ত হ'ব পাৰিম ।' প্ৰতিগৰাকী মানুহক স্বচ্ছতাৰ লগতে প্ৰদূষণমুক্ত সমাজ এখন গঢ়াৰ বাবেও তেওঁ আহ্বান জনায় ।

ৰঙিয়াৰ দহৰা গাঁৱক ৰাজ্য চৰকাৰৰ স্বচ্ছ-প্ৰদূষণমুক্ত গাঁও ঘোষণা

অনুষ্ঠানটোত ৰাজহ চক্ৰ বিষয়া এমিলি বৰুৱা, বন বিষয়াসহ ভালেসংখ্যক ব্যক্তি আৰু স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰভাতী কিৰণৰ সভাপতি মৃদুল শৰ্মা, সাধাৰণ সম্পাদক ধনমণি দত্তসহ কৰ্মকৰ্তাসকল উপস্থিত থাকে ।

অনুষ্ঠানত সকলোৱে প্ৰদূষণ আৰু প্লাষ্টিকমুক্ত সমাজ গঢ়াৰ বাবে সংকল্প লয় ।

Your Comments