
নিউজ ডেস্ক:
মাজুলী উপ-নিৰ্বাচনৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ হৈ আজি প্ৰচাৰ চলাব ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।মাজুলীত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী গৰাকীৰ হৈ তিনিঠাইত অংশগ্ৰহণ কৰিব শিৱসাগৰৰ বিধায়ক গগৈয়ে।উল্লেখ্য যে শ্ৰীৰাম দেউৰী, শ্ৰীলুইত আৰু গড়মূৰত প্ৰচাৰ চলাব বিধায়ক অখিলে।ৰাইজৰ দল আৰু কংগ্ৰেছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জনলৈ মুকলি সমৰ্থন জনাইছে।বিশেষকৈ বিজেপিৰ প্ৰাৰ্থী ভুবন গামক পৰাস্ত কৰাৰ বাবেই উমৈহতীয়া প্ৰাৰ্থী থিয় কৰাইছে বিৰোধীয়ে।৭মাৰ্চত অনুষ্ঠিত হ’ব মাজুলী উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ।১০মার্চত ভোটগণনা।
- Log in to post comments
- 14 views