
নিউজ ডেস্ক:
মাজুলী বিধানসভা উপ-নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থী ভূৱন গাম সন্দৰ্ভত প্ৰকাশ পাইছে কেতবোৰ বিস্ফোৰক তথ্য।দ্য ক্ৰছ কাৰেণ্টত প্ৰকাশিত এক বাতৰিৰ আঁত ধৰি অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে প্ৰাৰ্থী ভুবন গামৰ ওপৰত এনফৰ্চমেণ্ট ডিৰেক্টৰ আৰু চি বি আই তদন্তৰ দাবী উত্থাপন কৰে।মঙলবাৰে এখন সংবাদমেলত ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধীয়ে কয় দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপিয়ে মাজুলী সমষ্টিত দুৰ্নীতিগ্ৰস্ত ভুৱন গামক প্ৰাৰ্থীত্ব প্ৰদান কৰি মাজুলীবাসীক চুড়ান্ত অপমান কৰিছে।ইয়াৰ পৰাই বিজেপিৰ দুমুখীয়া নীতি স্পষ্ট হৈছে।কিয়নো প্ৰাৰ্থী গামৰ পৰিচয় হ’ল ভূ-মাফিয়া।জনজাতীয় লোকৰ ভূমি দখল কৰি বিক্ৰী কৰি অহাৰ অভিযোগত গামৰ বিৰুদ্ধে ৰাইজে থানাত দাখিল কৰিছে এজাহাৰ।ভূ-মাফিয়াক সকীয়নী দি অহা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এনে এজন মাফিয়াৰ মনোনয়ন দাখিলত সংগ দি প্ৰমাণ কৰিছে আচলতে মাফিয়াগিৰীহে পৃষ্ঠপোষক মুখ্যমন্ত্ৰীৰ - মেধিয়ে কয় ।দ্য ক্ৰছ কাৰেণ্ট নামৰ ৱেব পৰ্টেলটোত প্ৰকাশিত এক বাতৰিৰ উদ্ধৃতিৰে মঠঘৰীয়া ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত সাধাৰণ সম্পাদক মেধিয়ে কয়-আই এ এছ বিষয়া পত্নী-কন্যা, এ চি এছ বিষয়াক নিজৰ কোম্পানীত সঞ্চালকৰ পদ উপহাৰে ভুবন গামে হস্তগত কৰিছিল সোণাপুৰৰ ট্ৰাইবেল মিউজিয়ামৰ নিৰ্মান আৰু চোৱাচিতা কৰাৰ কাম।নেক্সাছৰ জৰিয়তে এই বৃহৎ ঠিকা হস্তগত কৰি আমোলা আৰু আমোলা নিকটআত্মীয়ৰ সহযোগত কেইবা কোটি টকাৰ দুৰ্নীতি গামে সংঘটিত কৰিছিল।কাৰণ আশ্চৰ্যজনক ভাৱে মিউজিয়ামটো উদ্বোধনৰ এটা বছৰৰ ভিতৰতে ৰহস্যজনক ভাৱে অগ্নিকাণ্ডত ভস্মীভূত হৈছিল।উক্ত সময়ত চৰ্চা হৈছিল অগ্নিকাণ্ডৰ সৈতে ভুবন গামৰ এক সংযোগ আছে।এই অগ্নিকাণ্ডৰ দুৰ্নীতি ঢাকি ৰখা বুলিও চর্চা হৈছিল কিন্তু কেৱল দণ্ডাধীশ পৰ্যায়ৰ তদন্তহে হ’ল। ইফালে ৱেব পৰ্টেলটোত প্ৰকাশিত বাতৰিটোত কোৱা হৈছে- গামৰ যিটো কোম্পানীয়ে ট্ৰাইবেল মিউজিয়ামৰ ঠিকা লাভ কৰিছিল উক্ত কোম্পানী সঞ্চালকৰ পদত আছিল সেই সময়ৰ ক্ষমতাশালি আই এছ বিষয়া হেমন্ত নাৰ্জাৰীৰ পত্নী ৰশ্মি নাৰ্জাৰী।আনহাতে গামৰে দ্বিতীয়টো কোম্পানী গাম ডেলিকেচিয়ে লাভ কৰিছিল সোণাপুৰৰ ট্ৰাইবেল মিউজিয়াম আৰু কাল্চাৰেল চেণ্টাৰ পৰিচালনাৰ ঠিকা। লক্ষণীয় কথাটো হ’ল সেই সময়ত এই দ্বিতীয়টো কোম্পানী সঞ্চালকৰ পদত আছিল তেতিয়া সাংস্কৃতিক বিভাগৰ উচ্চপদস্হ বিষয়া স্বপ্ননীল বৰুৱাৰ কন্যা অংগীনা বৰুৱা, সোণাপুৰ চক্ৰ বিষয়া বিপুল কুমাৰ দাসৰ লগতে ৰশ্মি নাৰ্জাৰী।গতিকে এই বৃহৎ চৰকাৰী প্ৰকল্পৰ দায়িত্ব যে প্ৰশাসনিক বিষয়াৰ লগত গঢ়ি তোলা নেক্সাছৰ বাবেই গামে লাভ কৰিছিল তাত কোনো সন্দেহ নাই- মেধিয়ে কয়।উদ্বোধনৰ এবছৰৰ ভিতৰতে মিউজিয়ামটো অগ্নিকাণ্ডত ভস্মীভূত কৰি দুৰ্নীতিৰ প্ৰমাণ ঢকাৰ চেষ্টা বুলি অভিযোগ উত্থাপিত হৈছিল তেওঁ লগতে কয়।ইফালে ৱেব পৰ্টেলটোৰ বাতৰি আলম লৈ ৰাইজৰ দলে কয়-অগ্নিকাণ্ড সাধাৰণ নাছিল।বহু হাই প্ৰফাইল ব্যক্তি ঘটনাৰে জড়িত আছে।সমগ্ৰ ঘটনাৰ তদন্ত ইডি আৰু চি বি আই যোগে হ’ব লাগে।
- Log in to post comments
- 13 views