
নিউজ ডেস্ক:
মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ তুংগত অসম জাতীয় পৰিষদৰ।শনিবাৰে বিৰোধী উমৈহতীয়া প্ৰাৰ্থী গৰাকীৰ হৈ প্ৰচাৰ চলাবলৈ মাজুলীত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা।গড়মূৰত প্ৰচাৰ সভাত অংশ লয় সভাপতি গৰাকীয়ে।উল্লেখ্য যে অহা ৭মাৰ্চত অনুষ্ঠিত হ’ব মাজুলী উপ-নিৰ্বাচনৰ ভোট গ্ৰহণ।১০মাৰ্চত অনুষ্ঠিত হ’ব ভোট গণনা।তাৎপৰ্যপূৰ্ণ কথা এই যে বিজেপি প্ৰাৰ্থী ভুৱন গামৰ বিৰুদ্ধে অৱৰ্তীন হয় এজেপি প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী।বসুমতাৰীলৈ ৰাইজৰ দল, কংগ্ৰেছে মুকলিকৈ সমৰ্থন জনাইছে বিজেপি প্ৰাৰ্থী গৰাকীক পৰাস্ত কৰাৰ স্বাৰ্থত।ইফালে গড়মূৰৰ প্ৰচাৰ সভাত যথেষ্ট সংখ্যক জনতাৰ উপস্থিত থকা দেখা গৈছে।
- Log in to post comments
- 7 views