অসম আৰক্ষীলৈ আলফা(স্বা)ৰ শেষ সকিয়নী, কিন্তু কিয় পঢ়ক

A

নিউজ ডেস্ক:

সংযুক্ত মুক্তি বাহিনী,অসম চমুকৈ আলফা(স্বা)য়ে শুকুৰবাৰে অসম আৰক্ষীক উদ্দেশ্য কৰি এক প্ৰেছ বিবৃতি প্ৰকাশ কৰে।বিবৃতিত উল্লেখ্য থকা অনুসৰি- যোৱা ২২ ফেব্ৰুৱাৰীত অসম আৰক্ষীয়ে জাৰি কৰা জাননীৰ দ্বাৰা আলফা(স্বা)য়ে তেনে কোনো পৰিকল্পনা কৰা নাই।অসম আৰক্ষীৰ কেইজনমান উৰ্ধতম কৰ্তৃপক্ষই নিজৰ ক্ষুদ্ৰস্বাৰ্থ পূৰণৰ বাবে অইল কৰ্তৃপক্ষক শংকিত কৰা আৰক্ষীৰ এক উদ্দেশ্য প্ৰণোদিত অপকৌশল।অসম আৰক্ষীৰ এনে অপকৌশলৰ আঁৰত এক বিত্তীয় কেলেংকাৰী কৰিব পৰা সুচল পথ থকা বুলি আলফা স্বাধীনয়ে কয়।অইল ইণ্ডিয়া বিষয়া-কৰ্মচাৰীক অপহৰণ কৰিব বুলি ভয়-ভীতি প্ৰদৰ্শনেৰে নিজৰ পৰিসৰ বহল কৰাৰ লগতে সংখ্যা বৃদ্ধি কৰিব বিচাৰিছে আৰক্ষীয়ে। 
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত লগতে কয়- অইল প্ৰতিষ্ঠান সমূহত নিয়োজিত প্ৰহৰীৰ বিপৰীতে অইল কৰ্তৃপক্ষই প্ৰায় ৭০হাজাৰৰো অধিক টকা আদায় দিয়ে সঁচা, কিন্তু অসম আৰক্ষীৰ বিভাগৰ তৰফৰ পৰা প্ৰায় ৩০হাজাৰ টকা প্ৰতিগৰাকী প্ৰহৰীলৈ দৰমহা হিচাপে মুকলি কৰি দিয়ে।‘অইলৰ বিষয়া-কৰ্মচাৰীক বন্দী কৰিবলৈ আলফা স্বাধীন সংগঠনে অইলৰ নিৰাপত্তা ৰক্ষীৰ সংখ্যাৰ ওপৰত বিচাৰ নকৰে।অইল ইণ্ডিয়া আৰু অ’ এন জি চি কৰ্তৃপক্ষক অৱগত কৰি কয় যে অইল ইণ্ডিয়া আৰু অ’ এন জি চি প্ৰতিষ্ঠান বা প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ সৈতে আলফা(স্বা)ৰ কোনো ধৰণৰ শত্ৰুতা নাই আৰু অসম আৰক্ষীৰ সৈতেও নাছিল। কিন্তু শেহতীয়াকৈ দেখা গৈছে- অসম আৰক্ষী উৰ্ধতম কৰ্তৃপক্ষই অসম আৰক্ষী বাহিনীক পৈতৃক সম্পত্তি ৰূপে জ্ঞান কৰি বাহিনীত কৰ্মৰত আৰক্ষীক অসৎভাৱে প্ৰৰোচিত কৰি আলফাৰ বিৰুদ্ধে থিয় কৰোৱা তথা অসমৰ জনগণৰ ওচৰত আমাক হেয় প্ৰতিপন্ন কৰোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰা পৰলক্ষিত হৈছে।
আলফা(স্বা)য়ে অসম আৰক্ষীক শেষ সকীয়নি প্ৰদান কৰি কয়-যাতে অনাগত দিনত অসম আৰক্ষীয়ে অইল আৰু অ’ এন জি চিৰ কৰ্মচাৰীৰ সন্দৰ্ভত এনে ধৰণৰ ভয়-ভীতিৰ ভুৱা বাতৰি প্ৰকাশ আৰু সংগঠনৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰাৰ পৰা বিৰত থাকে। অন্যথা সঁচাকৈয়ে তেনে পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব। আৰু ইয়াৰ বাবে অসম আৰক্ষী সম্পূৰ্ণৰূপে দায়ী হ’ব লাগিব।’

Your Comments