
নিউজ ডেস্ক:
পৌৰসভা নিৰ্বাচনত প্ৰতিজন ভোটাৰক ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুবিধা প্ৰদানৰ দাবীৰে ৰাজ্যিক নিৰ্বাচন আয়োগলৈ অসম প্ৰদেশ কংগ্ৰেছৰ পত্ৰ।বিশেষ ভাৱে সক্ষম, বয়োবৃদ্ধ, ৰুগ্ন ভোটাৰসকলক ঘৰৰ পৰাই ভোট সাব্যস্ত কৰিবলৈ সুবিধা প্ৰদানৰ দাবীত শুকুৰবাৰে পত্ৰ প্ৰেৰণ কৰিছে দলটোৱে৷ পত্ৰত কোৱা হয় যে প্ৰত্যেক জিলা নিৰ্বাচন আয়োগলৈ চৰকাৰী নিৰ্দেশনা জাৰি কৰি এই সুবিধা প্ৰদান কৰিব লাগে।জিলা নিৰ্বাচনী বিষয়াই ঘৰ ঘৰে গৈ এইসকল ভোটাৰৰ ভোটসমূহ সংগ্ৰহ কৰিব লাগে।
উল্লেখ্য যে ৮০খন পৌৰসভাৰ বাবে ৬মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন।ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল আৰু পৰীক্ষণ সম্পন্ন হৈছে।তাৰে ৬০টা পৌৰ ৱাৰ্ডত বিনা প্ৰতিদ্বন্দীতাৰে ইতিমধ্যে জয়লাভ কৰিছে বিজেপি দলে।
- Log in to post comments
- 7 views