
নিউজ ডেস্ক:
শুকুৰবাৰে কামৰূপ(ম) জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ নহ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।নিৰ্বাচনী বিধি উলংঘা সম্পৰ্কীয় এক গোচৰত মুখ্যমন্ত্ৰী শৰ্মালৈ আদালতে জাৰি কৰিছিল চমন।দুদিন পূৰ্বে ডঃ শৰ্মাক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল।
ইফালে শুকুৰবাৰে আদালতত হাজিৰ নোহোৱাত শৰ্মাৰ পক্ষৰ অধিবক্তাই অতিৰিক্ত সময় বিচাৰি আৱেদন জনায় আদালতত।অহা ২১মাৰ্চত হ’ব পৰৱৰ্তী শুনানি।
- Log in to post comments
- 21 views