জনতাক নিৰাপত্তা দিয়া আৰক্ষীক কৰ সংগ্ৰহত লগালে ৰাইজ কিমান সুৰক্ষিত হ'ব- আপ

A

নিউজ ডেস্ক:
"অসমত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা।সুৰক্ষাত সম্পূৰ্ণ ব্যৰ্থ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন গৃহবিভাগ।ব্যৰ্থতা স্বীকাৰ কৰি গৃহবিভাগৰ দায়িত্বৰ পৰা পদত্যাগ কৰক মুখ্যমন্ত্ৰীয়ে"-এই দাবী আম আদমী পাৰ্টী অসমৰ।গুৱাহাটী মহানগৰীখন অপৰাধীৰ ৰাম ৰাজ্য হৈছে।যোৱা এসপ্তাহত গুৱাহাটী মহানগৰীত  পাঁচজনকৈ নিৰীহক দুৰ্বৃত্তই আক্ৰমণ কৰিছে।তাৰ ৪জনে প্ৰাণ হেৰুৱালে।এগৰাকীয়ে চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি আছে।আপৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভৱেন চৌধুৰীয়ে কয়।অসমৰ গৃহ বিভাগৰ মন্ত্ৰী গৰাকীয়ে অন্য ৰাজ্যৰ নিৰ্বাচনত আইন শৃংখলাৰ ওপৰত ভাষণ দিয়ে কিন্তু নিজৰ ৰাজ্যত বহিৰাজ্যৰ দুৰ্বৃত্তই প্ৰৱেশ কৰি নিৰীহক হত্যা কৰি থৈ যায়।নিজৰ নেগুৰ ঠিক নকৰাকৈ আনৰ নেগুৰত চকু দিব নালাগে বুলি- চৌধুৰীয়ে শৰ্মাক কটাক্ষ কৰি কয়।গুৱাহাটী মহানগৰীত অপৰাধ বৃদ্ধিত স্মাৰ্ট আৰক্ষীৰ ব্যৰ্থতা নে গৃহবিভাগৰ ব্যৰ্থতা ৰাইজে জানিব বিচাৰে।আৰক্ষীৰ সংখ্যা কম হোৱা বাবেই অপৰাধৰ সংখ্যা বৃদ্ধি হোৱা আমাৰ সন্দেহ হয়।তাতে আকৌ ৰাইজক নিৰাপত্তা দিয়া আৰক্ষীক যদি কৰ সংগ্ৰহত লগাই তেন্তে ক’ত সুৰক্ষিত হ’ব ৰাইজ।ৰাইজৰ সুৰক্ষাত কৈ কৰ সংগ্ৰহ বেছি গুৰুত্বপূৰ্ণ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীৰ বাবে-সন্দিকৈয়ে কয়।
দিছপুৰত সংবাদমেল সম্বোধন কৰি দলটোৱে আৰু কয়-মুখ্যমন্ত্ৰীয়ে ৰাজ্যত অপৰাধীৰ সংখ্যা ৩০%হ্ৰাস পোৱা বুলি বিভিন্ন সময়ত কৈ থাকে।যদি কম হৈছে তেন্তে তাৰ তথ্য ৰাজহুৱা কৰাৰো দাবী জনায়।

Your Comments