
নিউজ ডেস্ক:
তিনিদিনীয়া ভ্ৰমণসূচী লৈ অসমত উপস্থিত দেশৰ প্ৰথম গৰাকী নাগৰিক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানেৰে দিল্লীৰ পৰা পোনে পোনে গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত অৱতৰণ কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে।পত্নীৰ সৈতে অসমত উপস্থিত হোৱা ৰাষ্ট্ৰপতিক বিমানবন্দৰত উষ্ম আদৰণি জনায় ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অসম আৰক্ষী সঞ্চালক প্রধান ভাস্কৰ জ্যোতি মহন্ত, আৰক্ষী আয়ুক্ত হৰমিত সিং, সাংসদ কুইন ওজা, মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস প্ৰমুখ্যে প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে।উল্লেখ্য যে বিমানবন্দৰৰ পৰা ৰাষ্ট্ৰপতি গৰাকী পোনে পোনে ৰাওনা হয় নীলাচলৰ বুকুত থকা মা কামাখ্যা দেৱালয়লৈ।পত্নীসহ শক্তিপীঠ কামাখ্যাত সেৱা জনাই গমন কৰে খানাপাৰাস্থিত কইনাধৰাৰ ৰাজ্যিক অতিথি শালালৈ।তাত কিছুসময় জিৰণি লৈ আবেলি গুৱাহাটী শংকৰদেৱৰ কলাক্ষেত্ৰত লাচিত বৰফুকনৰ ৪০০বছৰীয়া জয়ন্তীত অংশগ্ৰহণ কৰিব।নিশাটো কইনাধৰাত কটাই শনিবাৰে পুৱাই ৰাষ্ট্ৰপতি যাব তেজপুৰ বিশ্ববিদ্যালয়ত।অংশগ্ৰহণ কৰিব বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত।তাৎপৰ্যপুৰ্ণ কথা এই যে তেজপুৰৰ পৰা আবেলি ৰাষ্ট্ৰপতি গৰাকী পুনৰ যাব কাজিৰঙালৈ।তাতে নিশাতো থাকি দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান জিপ চাফাৰীৰে পৰিদৰ্শন কৰিব।
গুৰুত্বপূৰ্ণ কথা এই যে ৰাষ্ট্ৰপতি গৰাকী বৰঝাৰ বিমানবন্দৰ আহি পোৱা পাছতেই অসমীয়া বিভিন্ন কলা, কৃষ্টি প্ৰদৰ্শনেৰে আদৰণি জনায়।
- Log in to post comments
- 8 views