হিমন্ত বিশ্ব শৰ্মাই হাউছিং বৰ্ড গৃহ মন্ত্ৰী হৈ থাকোঁতে কাক কাক দিবলৈ লিখিছিল কংগ্ৰেছে ফাদিল কৰিলে তথ্য

A

নিউজ ডেস্ক:

"অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পত্নী মৌচুমী বৰগোঁহাই বৰাৰ হাউচিং বৰ্ডৰ গৃহকলৈ ৰৌজাল বৌজাল কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভাটৌ বাহিনীৰ দুজন কাণ্ডাৰীয়ে।নগাঁও আৰু নলবাৰীৰ দুজন কাণ্ডাৰীয়ে যুক্তিহীন কথাৰে বিভিন্ন মন্তৱ্য আগবঢ়াই আহিছে"-এই মন্তৱ্য অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মনজিৎ মহন্তৰ।ঘৰটো আৱেদনৰ সময়ত চাকৰি কৰা নাছিল পত্নী গৰাকীয়ে।চাকৰি নকৰা অৱস্থাত ঘৰটো লোৱাটো অপৰাধ হ’ব পাৰে নেকি!ইয়াৰ উপৰিও উক্ত ঘৰটো চাকৰিৰ পাছত একে গাঁৱৰ এগৰাকী নিবনুৱাক দিবলৈ আৱেদন জনাইছিল সেইটো অপৰাধ হ’ব পাৰে নেকি!- মহন্তই উভতি ধৰি কয়।কংগ্ৰেছ সভাপতিৰ পত্নী, সেইটো যদি অপৰাধ হয় তেন্তে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ মন্ত্ৰী হৈ থাকোতে তিনিবাৰ অপৰাধ কৰিছে।হাউছিং বৰ্ডৰ গৃহ দিবলৈ মন্ত্ৰী হিচাপে তিনিখন পত্ৰ তেওঁ আনুষ্ঠানিক ভাৱে লিখি দিছে।২০০৪ চনৰ ২৫ মে'ত ৰাজ্যিক মন্ত্ৰী হৈ থাকোতে কুন্তল মণি শৰ্মা বৰদলৈক গৃহ এটা দিবলৈ পত্ৰ লিখিছিল।উল্লেখ্য যে এছিচটেন্ট মেনেজাৰ জিলা উদ্যোগী আৰু কমাৰ্চিয়েল বিষয়া আছিল সেইসময়ত বৰদলৈ।একেদৰে ২০০৪ চনৰ ৯ ফেব্ৰুৱাৰীত তিনিজন ক্ৰমে হৰকান্ত কলিতা, মহম্মদ আনছেৰ আলি,মহম্মদ চাহজাহান আলিক গৃহ দিবলৈ লিখিত আৱেদন জনাইছিল।ইয়াৰে হৰকান্ত-আনছেৰ ঠিকনা পুৰণি বিধায়ক আৱাস গৃহ নং১৪।উক্ত গৃহটোত সেইসময়ত আছিল বর্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।অৰ্থাৎ তেওঁ ঘৰত থকা দুজন মানুহক গৃহ দিবলৈ তেওঁ লিখিছে।স্বাস্থ্য-পৰিয়াল কল্যান, গুৱাহাটী উন্নয়ন মন্ত্ৰী থাকোতে ধনেশ্বৰ কলিতাক গৃহ দিবলৈ লিখিছিল।সেই সময়ত কলিতা চৰকাৰী আয়ুৰ্বেদিক কলেজৰ অধ্যক্ষ আছিল।মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ এই পত্ৰ তিনিখন ৰাজহুৱা কৰি মহন্তই কয়-কংগ্ৰেছৰ সভাপতিয়ে যদি ভুল কৰিছে তেন্তে শাস্তি বা জৰিমনা যি ভৰিব লাগে ভৰিবলৈ সাজু বুলি ঘোষণা কৰিছে।মন্ত্ৰী পিযুষ হাজৰিকাই তেওঁলোকৰ গুৰুজীৰ বিৰুদ্ধে একেই ব্যৱস্থা ললে ভাল পাম বুলি তেওঁ কয়।

Your Comments