তৈল খেজুৰ খেতিয়ে ধ্বংস কৰিব অসম, উত্তৰ-পূৰ্বৰ জৈৱ-বৈচিত্ৰ- প্ৰদ্যুৎ বৰদলৈ

A

নিউজ ডেস্ক:

"ভাৰত চৰকাৰে অসম তথা উত্তৰ -পূৰ্বাঞ্চলত তৈল খেজুৰ বা প্লাম অইলৰ(palm oil) খেতি কৰিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ অসম প্ৰদেশ কংগ্ৰেছ।কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তই ভয়াৱহ ভৱিষ্যতৰ ইংগিত কঢ়িয়াই আনিছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ "- এই মন্তব্য কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ।শেহতীয়াকৈ কেন্দ্ৰীয় বাজেটত  কেৱল মাত্ৰ উত্তৰ-পূৰ্বাঞ্চলত এই খেতি সম্প্ৰসাৰণ কৰাৰ বাবেই ৯০০কোটি টকা ধাৰ্য্য কৰিছে।এই খেতি অসম বা উত্তৰ-পূৰ্বাঞ্চলত সম্প্ৰসাৰণ হলে সম্পূৰ্ণ পৰিৱেশ তন্ত্ৰ ধ্বংস হৈ যাব।অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰ ধ্বংস কৰি পেলাব।ফলত বৃদ্ধি পাব গোলকীয় উষ্ণতা।আদ্ৰতা হ্ৰাস পাব ফলত কাজিৰঙা, মানস আদিৰো বিপন্ন হ’ব অস্তিত্ব- নগাঁৱৰ সাংসদ গৰাকীয়ে ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি কয়।
উল্লেখ্য যে , শেহতীয়া ভাৱে ৰামদেৱ অসম ভ্ৰমণৰ প্ৰসংগ উত্থাপন কৰি বৰদলৈয়ে কয়- কেন্দ্ৰীয় বাজেটত পুঁজি ঘোষণাৰ পাছতেই অসমত তৈল খেজুৰ খেতি কৰিবলৈ ৰামদেৱ আহিছে।পতঞ্জলি আৰু ৰুচি ছয়াই অসমৰ উৰ্বৰা ভূমিত এই প্ৰকৃতি ধ্বংসকাৰী খেতি কৰিব।
গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সংবাদমেলত বৰদলৈয়ে কয়- বিশ্বৰ কেইখনমান দেশত এই খেতি কৰিছে।তাৰ ভিত্তিত উক্ত ইণ্ডোনেছিয়া, মালেছিয়া আৰু দক্ষিণ আমেৰিকাত কৰা হয় এই খেতি।কিন্তু বৈজ্ঞানিকসকলে খেতি কৰা দেশ কেইখনত গোলকীয় উষ্ণতা বৃদ্ধি আৰু পৰিৱেশ তন্ত্ৰৰ ধ্বংস হোৱা বুলি ইতিমধ্যে প্ৰকাশ কৰিছে।শ্ৰীলঙ্কাত কেইবছৰমান পূৰ্বে এই খেতি কৰিবলৈ লোৱা হৈছিল যদিও তাৰ ভয়ংকৰ প্ৰভাৱ দেখি ইতিমধ্যে বন্ধ কৰি দিয়া বুলিও তেওঁ কয়।আনহাতে দেশৰ ১১৭গৰাকীৰ বিজ্ঞানীয়ে তৈল খেজুৰ খেতি বিৰোধিতা কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলিও তেওঁ কয়।

Your Comments