নৱগ্ৰহ শ্মশান নিৰামুহীয়া শিৱ মন্দিৰত চাৰিদিনীয়া মহাশিৱৰাত্ৰি আৰু ৰুদ্ৰযজ্ঞৰ আয়োজন

A

নিউজ ডেস্ক:

গুৱাহাটী শিলপুখুৰীস্থিত শ্ৰীশ্ৰী নৱগ্ৰহ শ্মশান নিৰামুহীয়া শিৱ মন্দিৰৰ উদ্যোগত ২৫তম বাৰ্ষিক মহাশিৱৰাত্ৰি আৰু ৰুদ্ৰযজ্ঞৰ আয়োজন।ৰূপালী জয়ন্তী উপলক্ষে এইবাৰ চাৰি দিনীকৈ অনুষ্ঠিত হ’ব পূজা ৷ ২৬ফেব্ৰুৱাৰীৰ পৰা ১মাৰ্চলৈ অনুষ্ঠিত হ’ব লগা শিৱৰাত্ৰি- ৰুদ্ৰযজ্ঞৰ কথা বৃহস্পতিবাৰে সংবাদমেলৰ জৰিয়তে জানিবলৈ দিয়ে আয়োজকে।উল্লেখ্য যে চাৰিদিনীয়া কাৰ্যসূচীত ভানপুৰা পীঠৰ জগৎগুৰু শংকৰাচাৰ্য্য জ্ঞাননন্দ তীৰ্থ মহাপ্ৰভুৰ লগতে কাশীৰ প্ৰায় ৮গৰাকী পণ্ডিতে অংশ লব।গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলত আয়োজক অমিতাভ বৰুৱাই কয়- পূজাৰ ৰীতি- নীতি পৰম্পৰাৰ উপৰিও প্ৰত্যেক দিনে নিশা স্থানীয় শিল্পীৰ দ্বাৰা আছে সাংস্কৃতিক অনুষ্ঠান।

Your Comments