কংগ্রেছৰ নীতি-আদৰ্শত নিষ্ঠাৱান কর্মীৰ ভৱিষ্যত অন্ধকাৰ দেখি কংগ্ৰেছ ত্যাগ কৰিছোঁ- ভাস্কৰ দাহাল

A

নিউজ ডেস্ক:

অসম প্ৰদেশ কংগ্ৰেছত আন এক আঘাত।জ্যেষ্ঠ নেতা দলৰ সম্পাদক তথা মুখপাত্ৰ ভাস্কৰ দাহালৰ দলত্যাগ।বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল যোগে দলত্যাগৰ কথা ঘোষণা কৰে গোর্খা সম্প্ৰদায়ৰ নেতা গৰাকীয়ে।উল্লেখ্য যে ২০১৪চনত দাহালে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল।বিগত ৮বছৰ দলৰ সৈতে জড়িত হৈ থাকি ২০২১চনত তামুলপুৰ সমষ্টিত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।গণেশ কছাৰীৰ হাতত বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত পৰাস্ত হোৱা দাহালে পাইছিল মাত্ৰ ৭৭৬৩টা ভোট।
ইফালে দলত্যাগ কৰি কংগ্ৰেছৰ নেতৃত্বৰ বিৰূদ্ধে ক্ষোভ উজাৰি ভাস্কৰে কয়-নিষ্ঠাৱান-সততাৰে কাম কৰি থকা  কংগ্ৰেছকর্মীক গুৰুত্ব নিদিয়ে নেতৃত্বই।পৰিৱৰ্তে আৰ্থিক ভাৱে শক্তিশালী প্ৰাৰ্থীক গুৰুত্ব দিয়ে।যাৰ ফলত আমাৰ দৰে আৰ্থিকভাৱে দুৰ্বল মানুহে নিৰ্বাচন খেলা বাদ দিহে দল কৰিব লগা হয়।
আনহাতে কংগ্ৰেছে হিন্দুক তুচ্ছ জ্ঞান কৰে বুলি উল্লেখ কৰি দাহালে কয়- হিন্দুক তুচ্ছ জ্ঞান কৰা কোনো বিচাৰ ধাৰাক মই সমৰ্থন নকৰো।লগতে গোর্খা সম্প্ৰদায়ক দলত গুৰুত্ব নিদিয়াৰো অভিযোগ ভাস্কৰৰ।
ভাৰতীয় জাতীয় কংগ্ৰেছ দল ত্যাগ কৰি দাহালে কয়- কংগ্রেছৰ নীতি-আদৰ্শত নিষ্ঠাৱান কর্মীৰ ভৱিষ্যত অন্ধকাৰ দেখি দল ত্যাগ কৰিছোঁ।

Your Comments