এমাহৰ ভিতৰত গুৱাহাটীলৈ স্হানান্তৰ কৰা হ’ব অইলৰ মুখ্য কাৰ্যালয়

A


নিউজ ডেস্ক:
এমাহৰ ভিতৰত গুৱাহাটীলৈ স্হানান্তৰ কৰা হ’ব অইলৰ মুখ্য কাৰ্যালয় ৷ গুৱাহাটীৰ বামুণীমৈদামত স্হাপন কৰা হ’ব অইলৰ মুখ্য কাৰ্যালয় ।উল্লেখ্য যে ৰাজ্য চৰকাৰে অইলৰ মুখ্য কাৰ্যালয়টোৰ বাবে আগবঢ়াইছে ৭ বিঘা মাটি। কাৰ্যালয়টো সম্পূৰ্ণ নোহোৱালৈ গুৱাহাটীৰ ভঙাগড়ৰ এটা ভাড়াঘৰৰ পৰাই চলিব অইল ইণ্ডিয়াৰ কাম কাজ ৷এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। আনহাতে পেট্ৰ’লত ইথানল মিহলিক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত তেলীয়ে কয় যে ,ইয়াক লৈ শংকাৰ কোনো কাৰণ নাই ।২০২৫ চনৰ ভিতৰত দেশে ২০% ইথানল বাইণ্ডিং তেল প্ৰস্তুত কৰিব ৷

Your Comments