
নিউজ ডেস্ক:
মানৱ সৰবৰাহকাৰীৰ কৱলত পৰা ৰাজ্যৰ ৮ গৰাকী যুৱক - যুৱতীক গুজৰাটত উদ্ধাৰ।চাকৰিৰ প্ৰলোভনেৰে মঞ্জনা নামৰ এগৰাকী মহিলাই লৈ গৈছিল উদ্ধাৰ হোৱা যুৱক যুৱতী আৰু এটি শিশুক।
প্ৰাপ্ত তথ্য অনুসৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যুৱক-যুৱতী কেই গৰাকীৰ পৰিয়ালে আৰক্ষীক অৱগত কৰিছিল।পৰিয়াল কেইটাৰ অভিযোগৰ ভিত্তিতে ৰেল আৰক্ষীয়ে অনুসন্ধান কৰি ৰঙিয়া ২৪এছএছবি বেটেলিয়নৰ সহযোগত গুজৰাটৰ পৰা উদ্ধাৰ কৰে।মঙলবাৰে পুৱা কামাখ্যা গান্ধীধাম এক্সপ্ৰেছ ৰেলত উদ্ধাৰ কৰা যুৱক-যুৱতী কেইগৰাকীক লৈ অনা হয় গুৱাহাটীলৈ।
উল্লেখ্য যে যুৱক যুৱতীৰ দলটোত আছিল ৬ গৰাকী যুৱতী, এজন যুৱক আৰু এটা শিশু।ছোনীয়া ফিচ পেকেজিং কোম্পানীত কাম দি এবছৰৰ দৰমহা ৮ জনৰ পৰা ৫ লাখ টকা লৈছিল মঞ্জনা নামৰ মহিলা গৰাকীয়ে।
- Log in to post comments
- 6 views