হোজাই জিলাত পৌৰসভা নিৰ্বাচন সন্দৰ্ভত প্ৰশিক্ষন শিবিৰ আৰম্ভ

A

নিউজ ডেস্ক:

সমাগত পৌৰসভা নিৰ্বাচন ২০২২ হোজাই জিলাস্থিত হোজাই , লংকা, লামডিং আৰু ডবকা পৌৰসভাৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে হোজাই জিলা প্ৰশাসনে অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ নীতি নিৰ্দেশনা মৰ্মে যাৱতীয় কার্যব্যৱস্থা গ্ৰহণ কৰিছে।

সেই উপলক্ষে হোজাই জিলা প্ৰশাসনৰ উদ্যোগত নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শিক্ষক সকলকৰ উপস্থিতিত হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্ত  উৰ্মি মেধিৰ নেতৃত্বত  প্ৰশিক্ষন শিবিৰ আৰম্ভ হৈছে ৷ এই তিনিদিনত পৌৰসভা নিৰ্বাচন সন্দৰ্ভত পোলিং বিষয়া সকলক পোলিং মিচিনৰ লগতে  পোলিং সম্পৰ্কীয় সকলো ধৰণৰ প্ৰশিক্ষণ দিয়া হ’ব।

 

Your Comments