নিখিল বড়ো ছাত্ৰ সন্থাৰ কলাই গাঁও আঞ্চলিকৰ উদ্যোগত শিক্ষাৰ মানদণ্ড উন্নতি কৰনৰ চাইকেল ৰেলিৰে সজাগতা অভিযান

A


নিউজ ডেস্ক:

আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বিটিআৰ ওদালগুৰি জিলাৰ কলাই গাঁও মহাবিদ্যালয়ৰ খেলপথাৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ কলাই গাঁও আঞ্চলিকৰ উদ্যোগত শিক্ষাৰ দক্ষতা উন্নীতকৰন আৰু স্বাৱলম্বী হোৱাৰ দিশত বিশাল চাইকেল ৰেলিৰে সজাগতা অভিযানৰ শুভাৰম্ভ কৰে। এবছুৱে শিক্ষাৰ ওপৰত চলোৱা সজাগতাৰ বাবে বড়ো মাধ্যমৰ বহু ছাত্ৰ ছাত্ৰীয়ে কৃতিত্বৰে প্ৰবেশিকা আৰু উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাত সফল হ'বলৈ সক্ষম হৈছে। আজি শিক্ষা সজাগতা চাইকেল ৰেলীৰ অভিযানৰ শুভাৰম্ভণি কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সম্পাদক আনন্দ দৈমাৰীয়ে । উক্ত অনুষ্ঠানত উপস্থিত থাকে ভেৰগাওঁ জিলাৰ ইউ পি পি এল দলৰ নৱ নিযুক্ত সাধাৰণ সম্পাদক এন্থনী বছুমতাৰী, দৌৰ বিদ কুঞ্জ লতা বড়ো আৰু ওদালগুৰি জিলাৰ এবছুৰ শিক্ষা সম্পাদক বিকাশ বড়োছা । উল্লেখ্য যে এই শিক্ষা সজাগতা চাইকেল ৰেলীত অংশ গ্ৰহণ কৰা দুই শতাধিক এবছুৰ কৰ্মীয়ে কলাই গাঁও মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা খৈৰাবাৰী,ভেৰগাওঁ ,ডিমাকুছি, পানেৰী হৈ খগ্ৰাবাৰীত আজিৰ যাত্ৰা কাৰ্যসূচী শেষ কৰি কাইলৈ টংলাত সামৰণি মাৰিব। 

B

Your Comments