প্ৰাপ্য বিচাৰি সদৌ অসম কম্পিউটাৰ শিক্ষক সন্থাৰ চৰকাৰলৈ এই আহ্বান

A

নিউজ ডেস্ক:

গুৱাহাটী প্ৰেছ ক্লাৱত সদৌ অসম কম্পিউটাৰ শিক্ষক সন্থাৰ সংবাদমেল।"ডঃ বাণীকান্ত কাকতি কম্পিউটাৰ স্বাক্ষৰতা আঁচনি"ৰ অধীনত কৰ্মৰত এই কম্পিউটাৰ শিক্ষকসকলক চৰকাৰে ক্ৰমে এলাগী কৰাৰ গুৰুতৰ অভিযোগ।২০০৪চনত নিযুক্তি প্ৰাপ্ত শিক্ষকসকলক ২০১৮চনত ডিএছই অধীনলৈ অনা হয় যদিও আজি পৰ্যন্ত তেওঁলোকৰ দৰমহা আৰ অ’ পি অধীনত দিয়া নহ’ল।উল্লেখ্য যে ,বৰ্তমান প্ৰায় ১৩৪১গৰাকী কম্পিউটাৰ শিক্ষকে আঁচনিৰ অধীনত ৰাজ্যৰ উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক আৰু একাংশ কনিষ্ঠ মহাবিদ্যালয়ত জড়িত হৈ আছে।কম্পিউটাৰ শিক্ষাৰ উপৰিও বিদ্যালয়ৰ অন্য শ্রেণীৰ পাঠদানৰ লগতে অন্য কামটো জড়িত হয় যদিও তেওঁলোকৰ চাকৰি সুনিশ্চিত নহয়।গতিকে চৰকাৰক তেওঁলোকৰ চাকৰিৰ কাৰ্যকাল ৬০বছৰলৈ সুনিশ্চিত কৰাৰ লগতে প্ৰাপ্য অনুসৰি দৰমহা প্ৰদানৰ দাবী জনায়।
সংবাদমেলত সন্থাৰ সম্পাদক নবব্ৰত কাকতি আৰু সভাপতি পাপুল শইকীয়া উপস্থিত থাকি কয়-তিনি বছৰৰ মূৰে মূৰে চাকৰিৰ চুক্তি অনুসৰি বৃদ্ধি কৰিব লাগে।মাৰ্চ মাহত বাজেটৰ পূৰ্বে কম্পিউটাৰ শিক্ষক সকলৰ সমস্যা সমাধান নহলে গণতান্ত্ৰিক আন্দোলন কৰাৰ হুংকাৰ শিক্ষকসকলৰ।

Your Comments