
নিউজ ডেস্ক:
প্ৰবীণ গান্ধীবাদী শকুন্তলা চৌধুৰীৰ দেহাৱসান।গুৱাহাটীৰ শৰণীয়াস্থিত কস্তুৰবা গান্ধী আশ্ৰমত শেষনিশ্বাস ত্যাগ কৰে গান্ধীবাদী নেত্ৰী গৰাকীয়ে।
উল্লেখ্য যে ,পদ্মশ্ৰী সন্মানেৰে সন্মানিত চৌধুৰীয়ে দেওবাৰে নিশা ১০:৩০ বজাত বাৰ্ধক্যজনীত কাৰনত শেষ নিশ্বাস ত্যাগ কৰে।সমাজ সেৱাৰ নামত ওৰেটো জীৱন উচৰ্গা কৰা প্ৰয়াত চৌধুৰীৰ নশ্বৰ দেহত আজি পুৱা ৰাজ্য চৰকাৰৰ হৈ শেষ শ্ৰদ্ধা জনায় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে।নেত্ৰী গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ১০২ বছৰ।
- Log in to post comments
- 7 views