
নিউজ ডেস্ক:
কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনী হিংসাত অভিযুক্ত উদণ্ড কটনিয়ানৰ বিৰুদ্ধে কঠোৰ শাস্তি গ্ৰহণ বিশ্ববিদ্যালয় কর্তৃপক্ষৰ।হিংসাত্মক কাৰ্য সংঘটিত কৰা মহেন্দ্ৰ নাথ ডেকা ফুকন হোষ্টেল আৰু সীতানাথ ব্ৰহ্ম চৌধুৰী হোষ্টেলৰ প্ৰতিজন আৱসিক ২৫০০টকাকৈ জৰিমনা।অৱশ্যে এই জৰিমনাৰ পৰা শাৰীৰিক ভাৱে সক্ষম ছাত্ৰক ৰেহাই দিয়া হৈছে।
ইয়াৰ উপৰিও হিংসাত্মক ঘটনাৰ মূল অভিযুক্ত মহেন্দ্ৰ নাথ ডেকা ফুকন(MNDP) হোষ্টেলৰ কৈলাশ দলেক ৭ হাজাৰ টকা জৰিমনাৰ লগতে বিশ্ববিদ্যালয় স্নাতকোত্তৰ বা অন্য পাঠ্যক্ৰমত নামভৰ্তি নিবাৰণ কৰা হৈছে।
একেদৰে সীতানাথ ব্ৰহ্ম চৌধুৰী SNBC হোষ্টেলৰ আৱাসী পাৰভেছ আলি আৰু গুণনী পেগুক হিংসাত্মক কাৰ্যত জড়িত থকাৰ অভিযোগত ৭হাজাৰ টকাকৈ জৰিমনা বিহা হৈছে।
এমএনডিপি হোষ্টেলৰ নয়নজ্যোতি কলিতাক ৬হাজাৰ টকা জৰিমনা বিহা হৈছে ৷
উল্লেখ্য যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা জাননী মতে অহা ৩১মার্চৰ ভিতৰত আদায় দিব লাগিব জৰিমনা ।
আনহাতে জাননীত উল্লেখ থকা মতে আৰক্ষীৰ তদন্তত কোনো ছাত্ৰ যদি দোষী সাব্যস্ত হয় তেন্তে তেনে দোষী ছাত্ৰৰ আসন বাজেয়াপ্ত কৰাৰো কাৰ্যবাহী পৰিষদৰ নিৰ্দেশনা আছে।
উল্লেখ্য যে ৫জানুৱাৰীত সংঘটিত হোৱা নিৰ্বাচনী হিংসাৰ ঘটনাৰ তদন্ত কমিটিয়ে প্ৰতিবেদন দাখিল কৰাৰ পাছতে যোৱা ১০ফেব্ৰুৱাৰীত বিশ্ববিদ্যালয় কাৰ্যবাহী পৰিষদৰ বৈঠক অনুষ্ঠিত হয়।বৈঠকতে তদন্ত কমিটিৰ প্ৰতিবেদন পুংখানুপুংখ ভাৱে আলোচনা হয়।বৈঠকতে কাৰ্যবাহী পৰিষদে হোষ্টেল দুখনৰ অধীক্ষক দুজনক তাৎক্ষণিক ভাৱে অব্যাহতিৰ নিৰ্দেশ দিয়ে।নতুন অধীক্ষক নিযুক্তি নিদিয়ালৈ বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালকক দায়িত্ব দিয়া হৈছে হোষ্টেলদুখনৰ অধীক্ষকৰ।
- Log in to post comments
- 41 views