
নিউজ ডেস্ক:
মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ত নিৰ্বাচনী কৰ্তব্য পালন কৰি থকাৰ সময়তে জিএছটিৰ নামত উৎকোচ বিচৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় দুগৰাকী কৰ অধীক্ষকক ৷গ্ৰেপ্তাৰ কৰা কৰ অধীক্ষক দুগৰাকী ক্ৰমে শোণিত বৰঠাকুৰ আৰু ৰাজেশ গুপ্তা বুলি জানিব পৰা গৈছে।অভিযোগ অনুসৰি, দুয়োগৰাকী কৰ অধীক্ষকে চুলতান হাস্পতাল কৰ্তৃপক্ষৰ পৰা জিএছটিৰ নামত ৩০ হাজাৰ টকা দাবী কৰিছিল।তাৰ পিছতে হাস্পতাল কৰ্তৃপক্ষৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে অভিযুক্ত কৰ অধীক্ষক শোণিত বৰঠাকুৰ আৰু ৰাজেশ গুপ্তাক।
- Log in to post comments
- 12 views