
নিউজ ডেস্ক:
ধনবল-বাহুবলেৰে বৃহৎ পাৰ্থক্য আছে অসম জাতীয় পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ।ৰাষ্ট্ৰীয়তাবাদৰ আগ্ৰাসনত হেৰাই যাব খোজা জাতীয়তাবাদক পুনৰ উদ্ধাৰৰ লক্ষ্যৰে মাজুলীৰ উপ-নিৰ্বাচনত শক্তিশালী বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুজঁত অৱৰ্তীন হৈছে অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰী।উমৈহতীয়া বিৰোধী প্ৰাৰ্থীৰূপে বসুমতাৰীলৈ মুকলি সমৰ্থন জনাই কংগ্ৰেছ আৰু ৰাইজৰ দলে প্ৰক্ষেপ কৰা নাই মাজুলী উপ-নিৰ্বাচনত কোনো প্ৰাৰ্থী।ইতিমধ্যে বিজেপি আৰু এজেপি প্ৰাৰ্থী দুইয়োগৰাকীয়ে দাখিল কৰিছে নিজৰ মনোনয়ন।মনোনয়নত পোহৰলৈ আহিছে দুই গৰাকী প্ৰাৰ্থীৰ সম্প্ৰতি আকাশ পাতাল পাৰ্থক্য।সততা ৰাজনীতি বিশ্বাসী চিত্তৰঞ্জন বসুমতাৰীৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তি ৫ লাখ ৩১হাজাৰ টকা।হাতত জমা আছে ৫০হাজাৰ।চাৰিটা বেংক একাউন্টত জমা আছে ৪৫হাজাৰ টকা।কোনো বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ নাই ধন।একেদৰে নাই কোনো গাড়ী।৩০হাজাৰ টকীয়া এটা সোণৰ আঙুঠি আছে বসুমতাৰীৰ ৷জোনাইত মাত্ৰ একবিঘা কৃষি ভূমিৰ বিপৰীতে নাই কোনো নিজৰ ঘৰ-মাটি।
আনহাতে নিৰ্বাচন আয়োগক মনোনয়ন পত্ৰত দাখিল কৰা ভূৱন গামৰ সম্পত্তিৰ তালিকাত ২০২০-২১বর্ষত গামৰ উপাৰ্জন ২৩লাখ ৫০ হাজাৰ ৭০০ টকাৰ বিপৰীতে পত্নী পুণ্যৱৰ্তী কামান গামৰ উপাৰ্জন ৪ লাখ ১৭ হাজাৰ ২২০ টকা।একেদৰে ২০২১-২২বর্ষত গামৰ উপাৰ্জন ১৪লাখ ৭৪হাজাৰ ৫৫০টকা বিপৰীতে পত্নী ৩ লাখ ৪০ হাজাৰ ৪০০ টকা উপাৰ্জন আছিল।
গামৰ পৰিয়ালৰ সৰ্বমুঠ অস্থাৱৰ সম্পত্তি ৩ কোটি ৪৯ লাখ ৮৩ হাজাৰ ৩৮৮ টকা।কেৱল গামৰে অস্থাৱৰ সম্পত্তি ২ কোটি ৭৩ লাখ ৮৭ হাজাৰ ৬৮৩ টকা।পত্নী অস্থাৱৰ সম্পত্তি ৭৪লাখ।
আনহাতে গামৰ পৰিয়ালৰ সৰ্বমুঠ স্থাৱৰ সম্পত্তি ৫ কোটি ১৭লাখ ৪হাজাৰ ৩৩০টকা।সেই অনুসৰি সৰ্বমুঠ স্থাৱৰ-অস্থাৱৰ সম্পত্তি ৮কোটি ৮৬লাখ ৮৭হাজাৰ ৭২১টকা।ব্যৱসায়ীক গামৰ এই সম্পত্তি ভিতৰত আছে ১৪ লাখ টকা বিলাসী বাহন।পত্নীৰো আছে ১৩ লাখ টকা বিলাসী বাহন।গুৱাহাটী দিছপুৰত ভূৱন গামৰ আছে ২কোটি ২৭লাখ টকা ব্যৱসায়িক গৃহ।ধেমাজি গোগামুখত প্ৰায় ১কোটি টকা মূল্য দুটাকৈ বাণিজ্যিক গৃহ।মাজুলী গড়মূৰৰ উপৰিও গুৱাহাটী দিছপুৰত ভূৱন গামৰ আছে বাসগৃহ।ইয়াৰ উপৰিও বহুকেইটা বিত্তীয় প্ৰতিষ্ঠানত ধন বিনিয়োগ আছে গামৰ।
উল্লেখ্য যে ৭ মাৰ্চত অনুষ্ঠিত হ’ব মাজুলী উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ।
তাৎপৰ্যপূৰ্ণ কথা এই যে ,মাজুলীৰ বিজেপি প্ৰাৰ্থী গৰাকীৰ বিশাল ভূমি কেলেংকাৰীৰ দৰে গুৰুতৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে।তাৰ বিৰুদ্ধে এজেপি প্ৰাৰ্থী চিত্তই সততাৰ ৰাজনীতিত অৱৰ্তীন হোৱা বুলি কয়।
- Log in to post comments
- 22 views