
নিউজ ডেস্ক:
মাজুলী উপ-নিৰ্বাচনৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ মনোনয়ন পত্ৰ দাখিলত অংশ লৈ এজেপি সভাপতি লুৰীণজ্যোতি গগৈৰ বিজেপিলৈ মুকলি প্ৰত্যাহ্বান।দক্ষতাৰ নিৰূপণ কৰিবলৈ বিজেপিৰ যদি দম আছে ৰাজহুৱা খেলপথাৰত মুকলি মঞ্চত মুখামুখী হওঁক এজেপি প্ৰাৰ্থীৰে ভূৱন গাম।চাৰিওফালে দুৰ্নীতিত নিমজ্জিত, শিক্ষা-দীক্ষাৰ অৱস্থা নাই।এনেকুৱা এগৰাকী প্ৰাৰ্থী দিয়াৰ পিছত মুখ্যমন্ত্ৰীয়ে মাজুলীলৈ অহাৰ নৈতিক অধিকাৰ নাই- লুৰীনে কয়।
ভূৱন গামৰ মনোনয়ন দাখিলৰ দিনটোতে প্ৰতিবাদৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।কংগ্ৰেছ, ৰাইজৰ দল আৰু এজেপিয়ে একত্ৰিত হৈ সংগ্রামত চামিল হ’ব হৈছোঁ- গগৈয়ে কয়।
উল্লেখ্য যে ৭মাৰ্চত অনুষ্ঠিত হ’ব মাজুলী উপ-নিৰ্বাচন।বৃহস্পতিবাৰে মনোনয়ন পত্ৰ দাখিল কৰে এজেপি প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে।
- Log in to post comments
- 18 views