পাঞ্জাবাৰী শিল্পগ্ৰামত আলি আ:য়ে লৃগাঙৰ দিনজোৰা কাৰ্যসূচী উদযাপন

A

নিউজ ডেস্ক:

গুৱাহাটীৰ পাঞ্জাবাৰী শিল্পগ্ৰামত বুধবাৰে সদৌ গুৱাহাটী মিচিং কোবাঙৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰ পালন কৰা হয় মিচিং সমাজৰ কৃষিভিত্তিক উৎসৱ আলি আ:য়ে লৃগাং।জনগোষ্ঠীটোৱে ফাগুন মাহৰ প্ৰথমটো বুধবাৰত পূৰ্বৰে পৰা পালন কৰি আহিছে এই বসন্ত উৎসৱ।
উল্লেখ্য যে অনুষ্ঠানৰ সৈতে সংগতি ৰাখি শিল্পগ্ৰামত মিচিং জনগোষ্ঠীয় পৰম্পৰাগত ঐনিতম প্ৰদৰ্শন কৰা হয়।ঐনিতমৰ ধ্বনিত মুখৰিত হয় সমগ্ৰ অঞ্চল।ইফালে অনুষ্ঠানত প্ৰায় কেইবা শতাধিক মিচিং জনগোষ্ঠীৰ ব্যক্তি উপস্থিত থাকে।লোকবিশ্বাস মতে জনগোষ্ঠীটোৱে আজিৰ পৰাই ৰবি শস্যৰ খেতিৰ শুভাৰম্ভণি কৰে।

Your Comments