হোজাই জিলাত চোৰাং ইউৰীয়া সাৰৰ বিৰুদ্ধে অভিযান জিলা উপায়ুক্ত অনুপম চৌধুৰীৰ

A


নিউজ ডেস্ক:

হোজাই জিলাত চোৰাং ইউৰীয়া সাৰৰ বিৰুদ্ধে অভিযান জিলা উপায়ুক্ত অনুপম চৌধুৰীৰ।
লংকাৰ কেইবাখনো সাৰৰ পাইকাৰী-খুচুৰা বিপনী, গোদামত উপায়ুক্ত ,কৃষি বিভাগৰ লোক সহ আৰক্ষীৰ অভিযান।
বৰাকত ইউৰীয়া সাৰৰ কেইবাখনো ট্ৰাক জব্দ হোৱাৰ পিছত চোৰাং ইউৰীয়া সাৰ ব্যৱসায়ৰ কেন্দ্রস্হল হিচাপে হোজাই আৰু নগাও জিলা বুলি চিহ্নিত হোৱাৰ পিছত হোজাই জিলা উপায়ুক্তৰ এই তৎপৰতা।
ইতিমধ্যে হোজাইৰ বিভিন্ন স্হানত ৫খনকৈ ইউৰীয়া সাৰৰ ট্ৰাক জব্দ কৰিছে হোজাই প্ৰশাসনে।
আনহাতে আকৌ ৩১ জানুৱাৰীৰ নিশা ১২৬০ বেগ, ৩ ফ্ৰেব্ৰুৱাৰী তাৰিখে ৯২ বেগ ইউৰীয়া সাৰ সহ সৰ্বমুঠ ৩ জনক আটক কৰিছে আৰক্ষীয়ে।
আজিও উদালী আৰক্ষীয়ে অবৈধ ইউৰীয়া সাৰৰ বিৰুদ্ধে অভিযান চলাই লংকাৰ উদালী অঞ্চলত বহু বেগ ইউৰীয়া সাৰ জব্দ কৰিছে।
দৰাচলতে, চোৰাং ইউৰীয়া সাৰৰ বিৰুদ্ধে মূল অভিযুক্তক বিচাৰি হোজাইৰ আৰক্ষী প্ৰশাসনে অভিযান চলাই আছে বুলি মন্তব্য প্ৰকাশ কৰে হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে।

Your Comments