বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক আদৰিবলৈ সাজু হোজাইবাসী

A

 

নিউজ ডেস্ক:
 বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজালৈ মাজত মাথোঁ এটা দিন বাকী।ব্যস্ততা বাঢ়িছে মৃৎ শিল্পী সকলৰ মাজত ।ব্যস্ততাৰ অন্ত নাই মৃৎ শিল্পী সকলৰো। দিনে নিশাই এই মৃৎ শিল্পী সকলে ব্যস্ত হৈ পৰিছে সৰস্বতীৰ প্ৰতিমা নিৰ্মাণত। অতিমাৰী কৰোনাৰ বাবে থমকি ৰবলগীয়া হোৱাৰ বাবে 
এই বছৰ কমসংখ্যাক প্ৰতিমা নিৰ্মানৰে মৃৎ শিল্পী সকলৰ  কৰ্ম আগবঢ়াই নিছে।
হোজাই জিলাৰ লংকা  চহৰৰ মৃৎশিল্পীৰ হাতৰ পৰশত প্ৰানপাই উঠা  মৃম্ময় মূৰ্ত্তি বোৰ বিগত বৰ্ষ সমুহত দৰে প্ৰতিমাৰ অৰ্ডাৰ পাবলৈ সক্ষম হোৱা নাই যদিয়ো ।
ক'ৰনা কিছু পৰিমাণে হ্ৰাস পোৱা বাবে বিদ্যালয় সমূহত  ক'ভিড নীতি-নিৰ্দেশনা অনুসৰি অনুস্তূপীয়াকৈ পতাৰ বাবে আগ্ৰহ প্ৰকাশ কৰাত   মৃৎশিল্পীৰ সকলৰ মাজত কিছু  আশাৰ ৰেঙণি ঘূৰি আহিছে বুলি জানিবলৈ দিয়ে মৃৎশিল্পী সকলে।

Your Comments