গোলাঘাট: ১৯৩৫ চনৰে পৰা বোকাখাত চহৰত নাট্য চৰ্চাৰ এক পৰিবেশ গঢ়ি উঠাৰ পৰিপ্ৰেক্ষিততে যোৱা ৯ জুলাইৰ পৰা ৮ দিনীয়া কাৰ্যসূচীৰে বোকাখাত নাট্যমন্দিৰৰ উদ্যোগত আৰু ইলেকট্ৰ’নিক মিডিয়া জাৰ্ণেলিষ্ট এছ'চিয়েচন, কাজিৰঙা নিউজ নেটৱৰ্কৰ সহযোগত এখনি ৰাজ্যিক নাট সমাৰোহ অনুষ্ঠিত হৈছে। কালি প্ৰথম নিশাৰ নাট হিচাপে বিশিষ্ট নাট্যকৰ্মী অমৰ শৰ্মাৰ ৰচিত আৰু ছিৰিয়াছ নাট্যকৰ্মী জ্যোতিপ্ৰসাদ ভূঞাৰ পৰিকল্পনা-পৰিচালনাৰে মঞ্চস্থ হ'য় "ডেম পেহাৰ দূৰবীণ" শীৰ্ষক নাটখনিৰ। সুন্দৰ পৰিচালনাৰে মঞ্চায়ন হোৱা নাটখনিত শিল্পীসকলৰ দলগত অভিনয়ে দৰ্শকক মন্ত্ৰমুগ্দ্ধ কৰি ৰখাত সফল হৈছে পৰিচালক তথা অভিনেতাসকল। দৰ্শকৰ সৈতে একাত্মতা গঢ়ি তুলিবলৈ সক্ষম হোৱা নাটখনিত অংশ লোৱা শিল্পীসকল হৈছে, ৰাতুল ফুকন, নিৰজমণি বৰা, বিদ্যুৎ কুমাৰ নাথ, ঋতুপৰ্ণ চৌধুৰী, প্ৰণৱ শইকীয়া, অবিনাশ শৰ্মা, তৰুণতীৰ্থ শইকীয়া, টিকেন্দ্ৰজিত দাস, জ্যোতিৰেখা শইকীয়া মহন্ত, চিলমিল সপোন, শান্তিছায়া ডেকা, ধৰিত্ৰী বৰা, ৰিয়া দাস, মনোৰঞ্জন ডেকা, আকাশদ্বীপ শইকীয়া, মৃত্যুঞ্জয় শইকীয়া আৰু ইমন মাইনা। সংগীত দীপক শৰ্মাৰ আৰু মঞ্চসজ্জা দীপ ঠাকুৰীয়া, দুলেন বাহেক আৰু উতথ্যৰ। সমাৰোহৰ দ্বিতীয় নিশাৰ নাট হিচাপে আজি মঞ্চস্থ হ'ব মূল নাট্যকাৰ বাৰ্টোল্ট ব্ৰেৰটৰ, বিশিষ্ট নাট্যকৰ্মী নৰেন পাটগিৰিৰ অসমীয়া অভিযোজনা "উজীৰ মঙলা।" নাটখনি পৰিচালনা কৰিব বিশিষ্ট কবি-সাহিত্যিক, নাট্যকাৰ-পৰিচালক ৰফিকুল হোছেইনে। ইয়াৰ লগতে মঞ্চস্থ হ'বলগীয়া নাটসমূহ হৈছে- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত কালজয়ী নাট "লভিতা"। নাটখনি পৰিচালনা কৰিব ৰণাল্ড হোছইন, গুৱাহাটী ছিগাল থিয়েটাৰৰ "স্বভাৱজাত" মূল গল্প অপু ভৰদ্বাজৰ, নাট্যৰূপ -পৰিকল্পনা-পৰিচালনা বাহাৰুল ইছলাম, লগতে নাৰায়ণপুৰ বাণী সংঘৰ ড° ভৱেন্দ্ৰনাথ শইকীয়াৰ জনপ্ৰিয় নাট "শান্ত-শিষ্ট, হৃষ্ট-পুষ্ট, মহা-দুষ্ট"। নাটখনিৰ পৰিকল্পনা, মঞ্চৰূপ, পৰিচালনা ৰফিকুল হোছেইনৰ। ইয়াৰ পিছতে গুৱাহাটীৰ মেল'ডি পাটগিৰি প্ৰডাকচনৰ হৈ ৰূপকোঁৱৰৰ অন্যতম নাট "কাৰেঙৰ লিগিৰী", অন্য পাঠ, নাট্য নিৰ্মাণ সপোনজ্যোতি ঠাকুৰৰ, পৰিচালনা বিশিষ্ট সমালোচক, নাট্যকৰ্মী নয়ন প্ৰসাদৰ। সপ্তম দিনা মঞ্চস্থ হ'ব দেৰগাঁও নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীৰ, নাট্যকাৰ ড° পৰমানন্দ ৰাজবংশীৰ নাট্যৰূপ "কমলা কুঁৱৰীৰ সাধু"। নাটখনি পৰিচালনা কৰিব বিশিষ্ট নাট্যকৰ্মী সীমান্ত ফুকনে। সমাৰোহৰ অন্তিম নাট হিচাপে মঞ্চস্থ হ'ব তেজপুৰ জে বি প্ৰডাকচনৰ মূল নাট মোহন ৰাকেশৰ অসমীয়া অভিযোজনা ড° খনীন্দ্ৰ পাঠকৰ নাট "আধে-অধুৰে"। নাটখনি পৰিচালনা কৰিব নাট্যকৰ্মী অবিনাশ শৰ্মাই।
- Log in to post comments
- 81 views