সমগ্ৰ অসমৰ লগতে ৰঙিয়াতো বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হয় ।
ৰঙিয়াৰ বিভিন্ন স্থানত ভক্তপ্ৰাণ ৰাইজে ধৰ্মীয় ভাগৱত যাত্ৰা উলিয়ায় । ভাগৱত যাত্ৰাত বহুসংখ্যক লোকে অংশগ্ৰহণ কৰাৰ উপৰি হৰিনাম ধ্বনিৰে ৰঙিয়াৰ আকাশ-বতাহ মুখৰিত হৈ পৰে ।
উত্তৰ ৰঙিয়া শ্ৰীশ্ৰীমন্ত শঙ্কৰদেৱ সত্ৰৰ উদ্যোগত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭০সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ তিনিদিনীয়া কাৰ্যসূচীৰে তাঁতীপাৰাত অনুষ্ঠিত কৰা হয় । আই-বাপসকলৰ নাম-প্ৰসঙ্গ, ওজাপালি আদিৰে মুখৰিত হয় উত্তৰ ৰঙিয়া শ্ৰীমন্ত শঙ্কৰদেৱ সত্ৰ ।
মহিলাৰ ঘোষানাম প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে ল'ৰা-ছোৱালীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
সন্ধিয়া সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হোৱাৰ লগতে কাইলৈ ভাগৱত ভ্ৰমণ কৰাৰ উপৰি ধৰ্মালোচনী সভা আৰু নাগাৰা নাম পৰিৱেশন কৰা হ'ব ।
- Log in to post comments
- 37 views