বিহাৰৰ এটা ৰেলৱে ষ্টেচনে ললে কোচিং চেণ্টাৰ সদৃশ ৰূপ, পঢ়ি চাওকচোন

A

 

নিউজ ডেস্ক :
বিহাৰৰ চাচাৰাম জংচন নামৰ এই ষ্টেচনটোৱে অঘোষিতভাবে এক কোচিং চেণ্টাৰ হিচাপে প্ৰাণ পাই উঠিছে ।
  গুৰুত্বপূৰ্ণ কথা এই যে পুৱা আৰু সন্ধিয়াৰ সময়খিনিত এই অঞ্চলটোৰ  দাঁতি কাষৰীয়া গাওঁ সমূহৰ পৰা  বহুতো  ল'ৰা ছোৱালীয়ে UPSC,IIT,IIM আদি  বিভিন্ন  প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ লক্ষ্যৰে ষ্টেচনটোলৈ ঢপলিয়াই আহে আৰু ষ্টেচনটোকে কোচিং চেণ্টাৰৰ দৰে ব্যৱহাৰ করাত লাগি যায় । ষ্টেচনটোৰ ওচৰৰ কেইবাখনো গাঁৱত বিজুলীবাতি ,ইণ্টাৰনেট আদিৰ অসুবিধা হোৱা বাবেই এই ষ্টেচনটোলৈকে সকলো ঢপলিয়াই আহে কাৰণ ইয়াত ২৪ ঘণ্টাই ইলেক্ট্ৰিচিটি উপলব্ধ । গুৰুত্বপূৰ্ণ কথা এই যে ২০০২-০৩ চনতে ষ্টেচনটোৰ ওচৰৰ কেইজনমান ছাত্ৰছাত্ৰীয়ে এই ব্যৱস্থাৰ আৰম্ভণি কৰিছিল।উল্লেখ্য যে বৰ্তমান সময়ত আইপিএছ ,আইএএছ হিচাপে সফলতা লাভ কৰা বহুকেইজন ব্যক্তিয়েই উক্ত ষ্টেচনটোলৈ আহি শিক্ষা প্ৰদান কৰে  ।

Your Comments