আউনীআটী সত্ৰৰ চৌহদত বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ : হিমন্ত বিশ্ব শৰ্মা

A

 

নিউজ ডেস্ক:

পৱিত্ৰ ভাদমাহ উপলক্ষে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই  যোৰহাট জিলাৰ টীয়কৰ চটাইস্হিত বৈকুন্ঠথলী শ্ৰী শ্ৰী আউনীআটী সত্ৰত উপস্হিত হৈ ৰাজ্যবাসীৰ মংগলৰ হকে সেৱা আগবঢ়ায় ।গুৰুত্বপূৰ্ণ কথা এই যে অতি শীঘ্ৰেই আউনীআটী সত্ৰৰ আধ্যাত্মিক শিক্ষাৰ
 বন্তি জ্বলাই ৰখাৰ উদ্দেশ্যে সত্ৰৰ চৌহদত  এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা গ্ৰহণ কৰাৰ কথা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জানিবলৈ দিয়ে । তেওঁ লগতে কয় যে বিশ্ববিদ্যালয়খন নিৰ্মাণত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা পূৰ্ণ সহযোগিতা আগবঢ়োৱা হ'ব ।উল্লেখযোগ্য যে আজিৰ এই দৰ্শনকালত ডাঃ ৰণোজ পেগু , যোগেন মহন ,সাংসদ ক্ৰমে তপন কুমাৰ গগৈ আৰু কামাখ্যা প্ৰসাদ তাছা , প্ৰাক্তন বিধায়ক  ৰূপজ্যোতি কুৰ্মীও উপস্হিত থাকে ।

Your Comments