শীঘ্ৰে স্থানান্তৰ হ'ব কামৰূপ(ম) উপায়ুক্ত-আৰক্ষীৰ আয়ুক্ত কাৰ্যালয়- মুখ্যমন্ত্ৰী

A

C

নিউজ ডেস্ক:

মহানগৰীৰ পানবজাৰৰ পৰা শীঘ্ৰে স্থানান্তৰ হ'ব কামৰূপ মহানগৰৰ উপায়ুক্ত আৰু আৰক্ষী আয়ুক্তৰ কাৰ্যালয়।ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত জিলা উপায়ুক্ত কাৰ্যালয়, আৰক্ষী আয়ুক্ত কাৰ্যালয় স্থানান্তৰ কৰাৰ কথা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে ৰূপনগৰত কামৰূপ(ম) জিলাৰ উপায়ুক্ত কাৰ্যালয় নিৰ্মাণ কৰাৰ বিপৰীতে খানাপাৰাত নিৰ্মান হ'ব আৰক্ষী আয়ুক্ত কাৰ্যালয়।

প্ৰথম পৰ্যায়ত চলিত বৰ্ষত ৰাজ্যৰ১০টা উপায়ুক্ত কাৰ্যালয় নতুনকৈ নিৰ্মান কৰিব বুলিও জানিব দিয়ে মুখ্যমন্ত্ৰীয়ে।আগন্তক তিনি বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য।১০ বিঘা মাটি সামৰি ৰাজহ চক্ৰ কাৰ্যালয় আৰু উপায়ুক্ত কাৰ্যালয় নিৰ্মান হ'ব।B

Your Comments