অসম গৌৰৱ লাভলীনাৰ নামত বৰপথাৰত ক্ৰীড়া প্ৰকল্প স্হাপন : বিধায়ক বিশ্বজিত ফুকনক প্ৰশংসা লাভলীনাৰ

A


 
নিউজ ডেস্ক:
অসম গৌৰৱ অলিম্পিয়াড লাভলীনা বৰগোঁহাইৰ নামত তেওঁৰ জন্মস্হান বৰপথাৰত  এটা ক্ৰীড়া প্ৰকল্প স্হাপনৰ  কাম আৰম্ভ কৰা হৈছে ৷ এই সকলোবোৰক লৈ লাভলীনা বৰগোঁহায়ে  টুইট যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিজৰ মনৰ ভাৱ ব্যক্ত কৰে ৷ লাভলীনাই লগতে  সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনকো এই কামৰ বাবে প্ৰশংসা কৰে ৷উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ফেচবুকত পোষ্ট দিও বিধায়কগৰাকীক প্ৰশংসা কৰিছিল বক্সাৰ লাভলীনাই ৷বক্সাৰ গৰাকীয়ে লগতে  "প্ৰকল্পটো অনুমোদন  কৰাৰ বাবে অসম চৰকাৰকো  ধন্যবাদ জ্ঞাপন কৰে। লাভলীনাই অতি সোনকালে ক্ৰীড়া ষ্টেডিয়ামখনৰ কাম সম্পন্ন হ’ব বুলি শুনি বৰ সুখী " বুলি টুইটটোত প্ৰকাশ কৰে।

Your Comments