পহিলা ছেপ্টেম্বৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব মেঘালয়

A

নিউজ ডেস্ক:

ক'ৰনা নিয়ন্ত্ৰণৰ বাবে বন্ধ হৈ থকা মেঘালয় পহিলা ছেপ্টেম্বৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব।ক'ৰনা  আক্রান্ত হ্ৰাস পোৱাত পাহাৰীয়া ৰাজ্যখনৰ প্ৰশাসনে গ্ৰহণ কৰিছে এই সিদ্ধান্ত।

ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ পৰ্যটনস্থলী চেৰাপুঞ্জী, মৌচিনৰাম, ডাউকিকে ধৰি প্ৰায়সমূহ ঠাই পৰ্যটনৰ বাবে মুকলিৰ সিদ্ধান্ত প্ৰশাসনৰ।পৰ্যটক সকলে ৰাজ্যখনত প্ৰৱেশৰ পূৰ্বে মানিব লাগিব বহুকেইটা নিয়ম।
সেই অনুসৰি ল’ব লাগিব ক’ভিডৰ দুয়োপালি ভেকচিন।ভেকিচিন নোলোৱা বা এটাপালি লোৱা সকলে দেখাব লাগিব ক’ভিড নেগেটিভ ৰিপৰ্ট।

গুৰুত্বপূৰ্ণ কথা এই যে ৰাজ্যখনত এঠাইৰ পৰা আনঠাইলৈ যোৱা সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিয়ম।মুখ্যমন্ত্ৰী কনৰাড চাংমাই ঘোষণা কৰিছে এই কথা।

Your Comments

Related Articles