কেন্দ্ৰীয় লোকসেৱা আয়োগত ওলাইছে চাকৰি, কোনে কোনে আবেদন কৰিব পাৰিব পঢ়ি জানি লওক

UPSC

কেন্দ্ৰীয় লোকসেৱা আয়োগে ভাৰতীয় তথ্য সেৱাৰ  ৩৪ টা জ্যেষ্ঠ পদৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচাৰিছে ৷ জানিব পৰা অনুসৰি, ভাৰতীয় তথ্য সেৱাৰ  গ্ৰুপ বিৰ অধীনস্থ এই পদ কেইটাত প্ৰাৰ্থীক স্থায়ী নিযুক্তি প্ৰদান কৰা হ’ব ৷ হিন্দী, ইংৰাজী, পাঞ্জাৱী, ওড়িয়া, তেলেগু, বাংলা, মাৰাঠী, গুজৰাটী, অসমীয়া আৰু মণিপুৰী মুঠ ১০ টা ভাষাৰ বাবে এই পদত নিযুক্তি দিয়া হ’ব।

আবেদনকাৰীৰ নূন্যতম শিক্ষাগত অৰ্হতা যিকোনো শাখাৰ স্নাতক হোৱাৰ লগতে সাংবাদিকতাৰ ডিপ্ল’মা অথবা পোষ্ট গ্ৰেজুৱেট ডিপ্ল’মা থাকিব লাগিব আৰু থাকিব লাগিব সাংবাদিকতাৰ কমেও দুবছৰৰ অভিজ্ঞতা । উল্লেখ্য যে, এই পদসমূহৰ দুটা পদ বিশেষ ভাৱে সক্ষম লোকৰ বাবে সংৰক্ষণ কৰা হৈছে। আবেদনকাৰীৰ সৰ্বোচ্চ বয়স ৩০ বছৰ হ’ব লাগিব।

১২ আগষ্ট, ২০২১ তাৰিখৰ ভিতৰত অনলাইন যোগে এই পদৰ বাবে আবেদন কৰিব লাগিব ৷ https://upsconline.nic.in/ এই লিংকত আবেদনৰ সবিশেষ পাব ৷

Your Comments