হিমন্ত চৰকাৰৰ বাজেটক লৈ সুখী নহয় প্ৰতিবন্ধী সুৰক্ষা সন্থা অসম, পঢ়ক

A

নিউজ ডেস্ক :


 হিমন্ত চৰকাৰৰ প্ৰথমখন বাজেটক লৈ সুখী নহয় প্ৰতিবন্ধী সুৰক্ষা সন্থা অসম।ৰাজ্য প্ৰতিবন্ধী প্ৰতাৰণা ইতিহাস ৰচনা কৰিলে।কাৰণ ১লাখ ৬০হাজাৰ ৬১২ জন প্ৰতিবন্ধীক ১০০০টকাকৈ সাহায্য দিয়া ঘোষণাই প্ৰতিবন্ধীসকলক জীয়াই থকাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব বুলি সংগঠনটোৰ সভাপতি নৃপেন মালাকাৰে কয়।

বিত্তমন্ত্ৰী তথা সমাজ কল্যান মন্ত্ৰী অজন্তা নেওগলৈ দাবী জনায় কয় যে  - প্ৰতিগৰাকী প্ৰতিবন্ধীক ১ হাজাৰ টকা পেঞ্চনৰ  ব্যৱস্থা কৰিব লাগিব।লগতে পেঞ্চনৰ ধন ৩হাজাৰ টকা লৈ বৃদ্ধিৰো দাবী জনায় মালাকাৰে ।

ৰাজ্য প্ৰতিবন্ধীসকলৰ দাবী মানি নল'লে পূৰ্বতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰো হুংকাৰ প্ৰদান কৰে মালাকাৰে।তাৰ বাবে চৰকাৰ তথা সমাজ কল্যান বিভাগ দায়ী হ'ব বুলি স্পষ্ট কৰি দিয়ে।


উল্লেখ্য যে শুকুৰবাৰে হিমন্ত চৰকাৰৰ প্ৰথমখন বাজেট দাখিল কৰিছিল বিত্তমন্ত্ৰী অজন্তা নেওগে।

Your Comments