প্ৰৱঞ্চনাকাৰী বাজেটৰ ডাঙৰ ডাঙৰ আঁচনিসমূহ ফ্লপ-ধোঁৱা চাঙত উঠিব- ৰিপুন বৰা

A

নিউজ ডেস্ক :


হিমন্ত চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে শুকুৰবাৰে অসম বিধান সভাত দাখিল কৰা বাজেট খনক প্ৰৱঞ্চনাকাৰী বাজেট আখ্যা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা।ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি বৰাই কয়-সৰ্বকালৰ প্ৰৱঞ্চনাৰ ইতিহাস ভংগ কৰিছে। দীঘল বাজেটখনত শুৱলা বস্তু কেইটামান আছে।জ্যোতি-বিষ্ণু, ভূপেন হাজৰিকা, হীৰেন ভট্টাচাৰ্যৰ  কবিতা।শংকৰদেৱৰ বন্দনা আৰু বেদৰ শ্লোক বাজেটত আছে।কিন্তু মহান মনিষীসকলক বাজেটখনে অপমান কৰিছে বুলি তেওঁ কয়।

বাজেটে দুখীয়াৰ বাবে একো নকৰিলে।বেংক সখী, পশু সখী, কৃষি সখী আৰু জীৱিকা সখী সৃষ্টি হ'ল কিন্তু মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, ক'ৰনা ক্ষতিগ্ৰস্ত ৰাইজলৈ একো নাই বুলি উল্লেখ কৰি বৰাই কয়- বাজেটখন কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল।বাজেট খনৰ ৫৮হাজাৰ কোটি টকা কেন্দ্ৰৰ পৰা আহিব।কেন্দ্ৰৰ ওপৰত নিৰ্ভৰ কৰা পূৰ্ব বাজেট ব্যৰ্থ হৈছে।ঠিক একেদৰে এইবাৰো বাজেট ব্যৰ্থ হ'ব।

বাজেটখন কেৱল ভাষা আৰু আভুৱা ভৰা।ৰাজ্যখনত ঋণৰ বোজা ৮২ হাজাৰ কোটি টকা।সকলো খৰছ-ব্যয় কৰি বাজেটত উন্নয়নৰ বাবে থাকিব২৩ হাজাৰ কোটি টকা।কিন্তু ইমান আঁচনি কিদৰে ৰূপায়ন কৰিব পাৰিব- বৰাই কয়।

ৰাইজে নিবিচৰা বস্তু বাজেটত দিছে কিন্তু ৰাইজে বিচৰা বস্তু বাজেটত দিয়া নাই।ক'ভিডত ক্ষতিগ্ৰস্ত বিভিন্ন ক্ষেত্ৰৰ কৰ্মীক সহায়ৰ, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ওপৰত এটাও শব্দ উল্লেখ নাই বাজেটত- বৰাই কয়।

আনহাতে অসমৰ ৩৮লাখ যুৱক- যুৱতী নিবনুৱা হৈ আছে।চৰকাৰে যদি ১লাখ নিবনুৱাক নিযুক্তি দিয়ে তেন্তে এপাচি শাকত এটা জালুকৰ দৰে হ'ব বুলিও তেওঁ লগতে কয়।

বাজেটৰ ডাঙৰ ডাঙৰ আঁচনিসমূহ ফ্লপ-ধোঁৱা চাঙত উঠিব বুলি বৰাই কয়।

সংবাদমেলত উপস্থিত থাকে বিৰোধী উপ-দলপতি ৰকিবুল হুছেইন, ববিতা শৰ্মা।

Your Comments