বিত্তমন্ত্ৰী অজন্তা নেওগৰ বাজেটত কি কি আছে পঢ়ক

A

নিউজ ডেস্ক :

অসম বিধানসভাত শুকুৰবাৰে দাখিল হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট।বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে বাজেট।

বাজেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ হৈছে- অৰুনোদয়ই আঁচনি ৮৩০ টকাৰ সলনি ১০০০টকাকৈ বৃদ্ধি।নতুনকৈ ৬.৩৬লাখ হিতাধিকাৰী অন্তৰ্ভুক্ত।তাৰ বাবে ১,৮০০কোটি টকা ধাৰ্য।

মাইক্ৰফাইনেন্সৰ ঋণ পৰিশোধৰ বাবে প্ৰায় ১২হাজাৰ কোটি টকা প্ৰয়োজন হ'ব।

ক'ভিডত মৃত্যু হোৱা প্ৰতিটো পৰিয়ালক ১লাখ টকা আৰ্থিক সাহায্য।১৩জুলাই পৰ্যন্ত ৰাজ্যত ৪,৮৮৮গৰাকী মৃত্যু হৈছে।

বানমুক্ত অসম গঢ়া লক্ষ্যৰে ১০০০ কিঃমিঃ মথাউৰী নিৰ্মাণ কৰা বাবে ১০০০কোটি টকা ধাৰ্য।

১০০০টা মডেল অংগনবাড়ি কেন্দ্ৰ স্থাপনৰ বাবে ১৩.৫০কোটি টকাৰ ধাৰ্য।শিশুৰ বাবে সকলো সা-সুবিধা থাকিব কেন্দ্ৰসমূহত।উপায়ুক্তৰ নেতৃত্বত গঠিত কমিটিয়ে ২৫ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰিব এটাকৈ কেন্দ্ৰ।

'ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ' আঁচনি অধীনত ৰাজ্য ২৬,৩৯৫ খন ৰাজহ গাঁৱত একোটাকৈ পুখুৰী।প্ৰথম পৰ্যায়ত ১০হাজাৰ পুখুৰী খন্দা হ'ব।

চৰকাৰী বিদ্যালয় নৱম আৰু দশম শ্রেণীৰ ৮ হাজাৰ ছাত্ৰ-ছাত্ৰীলৈ স্মাৰ্ট ফোন ক'ভিড পৰিৱেশত অনলাইন শিক্ষা লাভৰ বাবে।

ৰাজ্যৰ ১০০০টা উপ-স্বাস্থ্য কেন্দ্ৰক হাস্পতাললৈ ৰূপান্তৰ কৰা হ'ব।

তামুলপুৰত নতুন জিলা সৃষ্টিৰ প্ৰস্তাৱ।

গোলাঘাট, ধেমাজি, মৰিগাঁও, বঙাইগাঁও আৰু তামুলপুৰত ৫খন নতুন চিকিৎসা মহাবিদ্যালয়।প্ৰতি খনৰ বাবে ধাৰ্য ১৬কোটি টকা।

গোৱালপাৰা জিলাত 'আজগৰ বন্যপ্ৰাণী অভয়াৰণ্য' নামেৰে এখন অভয়াৰণ্য ঘোষণা কৰা হ'ব।

কাৰ্বি আংলংত স্থাপন হ'ব ৰাজ্যিক বিশ্ববিদ্যালয়।ডিফু চৰকাৰী মহাবিদ্যালয়ক ৰাজ্যিক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে সম্ভাৱনা পৰীক্ষা কৰা হ'ব।

ডিব্ৰুগড় আৰু শিলচৰত নতুন চিৰিয়াখানা স্থাপন কৰা হ'ব।

শিৱসাগৰ ঐতিহ্যৰ সংৰক্ষণ।

অসম আন্দোলন শ্বহীদ পৰিয়ালক ৫ লাখ আৰু আহত পৰিয়ালক ২ লাখ টকা এককালীন অনুদান প্ৰদান কৰা হ'ব।

আন্তঃৰাজ্যিক সীমাত ৫০টা নতুন আৰক্ষী চকী স্থাপন।সীমান্ত মহোৎসৱ অনুষ্ঠিত কৰা প্ৰস্তাৱ।

শিলঘাটৰ অসম মৰাপাট কল পুনৰুজ্জীৱিত বাবে ৮কোটি টকা ধাৰ্য।

Your Comments