৪৫০ ক্ষেপণাস্ত্র। ১৬০খন যুদ্ধবিমান। মাত্র ৪০ মিনিটতে ধ্বংস হৈ গৈছে ১৫০টা 'সন্ত্রাসবাদী ঘাটি'। এই দাবী কৰিলে ইজৰাইলৰ প্রতিৰক্ষাবাহিনীয়ে ৷
ইজৰাইলে জনাইছে, উত্তৰ গাজাৰ ১৫০টা টার্গেটেই আছিল হামাছৰ। তাত আছিল হামাছৰ প্রশিক্ষণ শিবিৰ, ক্ষেপণাস্ত্র লঞ্চাৰ পোষ্ট আৰু সুৰঙ্গ। খবৰ অনুসৰি, দক্ষিণ গাজাত দুটা আৰু চেন্ট্রেল গাজাত এটা উগ্ৰপন্থী প্রশিক্ষণ কেন্দ্র ধ্বংস কৰি দিছে ইজৰাইলী সেনাই।
হামাছৰ মুখপাত্রৰ দাবী, ইজৰাইলৰ আক্ৰমণ সত্ত্বেও তেওঁলোকৰ মনোবল ভাঙি যোৱা নাই। এতিয়াও যুদ্ধৰ বাবে সাজু আছে তেওঁলোক।
২০১৪ চনৰ পিছত গাজাৰ উগ্রপন্থীৰ সৈতে স্বাভাৱিকতেই যুদ্ধ আৰম্ভ হৈছে ইজৰাইলৰ। তেল আভিভত আল আকছা মছজিদত ইজৰাইলী আৰক্ষী আৰু পেলেষ্টাইনীসকলৰ খণ্ডযুদ্ধৰ পিছত জেৰুজালেমক লক্ষ্য কৰি ৰকেট আক্ৰমণ চলাই হামাছে। প্রত্যাঘাত কৰে ইজৰাইলী সেনাই। বৰ্তমানলৈকে ১২২ জন মানুহৰ মৃত্যু হৈছে গাজাত ৷ আহত প্রায় ৯০০।
শনিবাৰে আন্তর্জাতিক সংবাদ সংস্থা ইউ এছ এছোছিয়েট প্রেছ আৰু আলজজিৰাৰ ১২ তলা ভৱন ভাঙি পৰিছে ইজৰাইলৰ বোমাৰু বিমানৰ আঘাটত।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুয়ে জনাইছে, ১০০০টা সন্ত্রাসবাদীক আঘাত হানিছে সেনাই। হামাছ ইনটেলিজেন্সৰ হেডকোৱার্টাৰো ধ্বংস কৰি দিছে ইজৰাইলী যুদ্ধবিমানে।
- Log in to post comments
- 51 views